হোজাইত মঙলবাৰে নিশা ১০ বজালৈকে কোভিড পৰিস্থিতিৰ পৰ্যালোচনা কৰে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই। শংকৰদেৱ নগৰ জিলা উপায়ুক্ত কাৰ্যালয়ত উপায়ুক্ত, আৰক্ষী অধীক্ষক, বিধায়কসহ অনান্য বিষয়াৰ সৈতে পৰ্যালোচনা বৈঠকত মিলিত হয় মন্ত্ৰী কেশৱ মহন্ত। বৈঠকৰ শেষত সাংবাদিকক সম্বোধন কৰি মন্ত্ৰী কেশৱ মহন্তই কয় যে হোজাইৰ যোৰাপুখুৰী জিলা চৰকাৰী চিকিৎসালয়ত ICU জেনেৰেচন প্লাণ্ট বহুৱাই প্ৰাপ্তবয়স্কৰ বাবে ২০খন আৰু শিশুৰ বাবে ১০খন ICU যুক্ত বিছনা শীঘ্ৰে আৰম্ভ কৰা হ'ব।
ইপিনে কাছাৰ, নগাঁও, শোণিতপুৰ, ডিব্ৰুগড়, তিনিচুকীয়া জিলাত কোভিড পৰিস্থিতি সুস্থিৰ নহ'লে জিলাকেইখনত সম্পূৰ্ণ লকডাউন ঘোষণা কৰা হ'ব বুলিও কৰে মন্তব্য। আনহাতে গুৱাহাটীক বিপদমুক্ত কৰিবলৈ ১০ লাখ আৰু হোজাই জিলাত প্ৰতিদিনে ১০ হাজাৰ ভেকচিন দিয়াৰ লক্ষ্য লোৱা হৈছে বুলিও মন্তব্য কৰে মন্ত্ৰী কেশৱ মহন্তই। হোজাই জিলাৰ চৰকাৰী চিকিৎসালয়ত ICUযুক্ত বিছনা আৰম্ভ হোৱাৰ পিছত জিলাখনত চৰকাৰে পঠোৱা ভেন্টিলেটৰবোৰ সংস্থাপিত কৰা হ'ব বুলিও মন্তব্য কৰে। ইয়াৰ পিছত নিশা ১০.৩০ বজাত যোৰাপুখুৰীস্থিত জিলা চিকিৎসালয়ত উপস্থিত হৈ চিকিৎসালয়খনৰ লেবৰেটৰী আৰু ফাৰ্মাচী বিভাগ দুখন ফিটা কাটি মন্ত্ৰী কেশৱ মহন্তই মুকলি কৰি চিকিৎসালয়খন পৰিদৰ্শন কৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|