চীনৰ য়ুহানৰ বিজ্ঞানীয়ে মাৰাত্মক ভাইৰাছৰ ওপৰত গৱেষণা কৰি আছিল অসমৰ এই ঠাইৰ ওচৰত

Source-Google
চীনত কোৰোণা ভাইৰাছৰ সংক্ৰমণে সংবাদ শিৰোনাম দখল কৰা সময়তে পোহৰলৈ আহিছে এই গৱেষণাৰ তথ্য। ইয়াৰ পিছতে ভাৰত চৰকাৰে দেশৰ এটা আগশাৰীৰ গৱেষণা প্ৰতিষ্ঠানৰ এটি পাঁচ জনীয়া বিশেষজ্ঞৰ দলৰ দ্বাৰা কিছুদিন পূৰ্বে সমগ্ৰ বিষয়টোৰ ওপৰত তদন্ত আৰম্ভ কৰাৰ খবৰ ওলাইছে। কিন্তু নিউজ18 ৰ হাতত এই খবৰ নিশ্চিত কৰিব পৰা কোনো তথ্য নাই ।
উত্তৰ পূৰ্বাঞ্চলৰ জনগোষ্ঠীয় লোকৰ শৰীৰত পোৱা গৈছে ফাইল'ভাইৰাছৰ দৰে মাৰাত্মক ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰিব পৰা এন্টিবডি । এই লোকসকলে বংশানুক্ৰমে মাৰাত্মক ভাইৰাছসমূহ কঢ়িয়াই লৈ ফুৰা বাদুলীৰ চিকাৰ কৰি অহাৰ লগতে ভক্ষণ কৰি আহিছে ।
এই বিজ্ঞানীৰ দলটোৱে মিমি গাঁৱত বাদুলীৰ শৰীৰত থকা ই’বলা ভাইৰাছৰ দৰে ভয়ংকৰ ফাইল’ভাইৰাছসমূহৰ সংক্ৰমণৰ পৰা মানৱ শৰীৰক কেনেদৰে বচাব পাৰি তাৰ ওপৰত গৱেষণা চলাইছিল । কাৰণ মিমিগাঁৱত বিভিন্ন প্ৰজাতিৰ বাদুলী পোৱা যায় । এই বাদুলীসমূহ তাৰ স্থানীয় জনগোষ্ঠীৰ লোকসকলে পৰম্পৰাগত ভাৱে চিকাৰ কৰি খাই আহিছে । এই গৱেষণাত পোহৰলৈ অহা তথ্য অনুসৰি উত্তৰ পূৰ্বাঞ্চলৰ এই বাদুলীসমূহৰ শৰীৰত অতি মাৰাত্মক ফাইল’ভাইৰাছসমূহৰ উপস্থিতি পোৱাৰ লগতে স্থানীয় লোকসকলৰ শৰীৰত এই মাৰাত্মক ভাইৰাছসমূহৰ পৰা হব পৰা ৰোগ প্ৰতিৰোধী এন্টিবডি লাভ কৰিছে । গৱেষকৰ দলটোৱে মিমিগাঁৱৰ বাদুলী চিকাৰ কৰি অহা ৮৫ গৰাকী লোকৰ শৰীৰৰ পৰা নমুনা সংগ্ৰহ কৰি এই গৱেষণা কৰিছিল ।
এই গৱেষণা প্ৰকল্পলৈ আমেৰিকাৰ ডিপাৰ্টমেন্ট অব ডিফেন্স , ডিফেন্স থ্ৰেট ৰিডাকছন এজেন্সীয়ে আৰ্থিক যোগান ধৰা বুলি প্ৰকাশ । বিগত দুবছৰ ধৰি চলা গৱেষণাৰ অন্তত ২০১৯ চনৰ ৩১ অক্টোবৰত এই গৱেষণাপত্ৰখন প্ৰকাশ পায় । গৱেষকৰ দলটোৱে ফাইল'ভাইৰাছৰ লগতে বাদুলীৰ শৰীৰত পোৱা কৰোনা ভাইৰাছৰ ওপৰতো গৱেষণা চলাইছিল নেকি তাক লৈয়ো বৰ্তমান প্ৰশ্ন উৎথাপন হৈছে । এই গৱেষণা পত্ৰ প্ৰকাশৰ কিছুদিন পিছতে চীনৰ য়ুহানত নভেল কৰোনা ভাইৰাছৰ তাণ্ডৱ আৰম্ভ হয় ।
চীন আৰু আমেৰিকাৰ বিজ্ঞানীয়ে মাৰাত্মক ভাইৰাছৰ ওপৰত নাগালেণ্ডত চলাই যোৱা এই গৱেষণাৰ ওপৰত ভাৰত চৰকাৰৰ সংশ্লিষ্ট বিভাগে দেশৰ এটা আগশাৰীৰ গৱেষণা সংস্থাৰ পাঁচজনীয়া দলৰ দ্বাৰা সমগ্ৰ বিষয়টো তদন্তৰ ব্যৱস্থা কৰিছে বুলিও চৰ্চা হৈছে।
