ৰিলায়েন্স ফাউণ্ডেচনে আৰম্ভ কৰিছে উই কেয়াৰ (WE CARE), অফ-ৰোল কৰ্মচাৰীৰ পৰিয়াল সহায় আৰু কল্যাণ আঁচনি (Family Support and Welfare Scheme for "Off-Roll" Workforce) ।
ৰিলায়েন্স ফাউণ্ডেচনে আৰম্ভ কৰিছে উই কেয়াৰ (WE CARE), অফ-ৰোল কৰ্মচাৰীৰ পৰিয়াল সহায় আৰু কল্যাণ আঁচনি (Family Support and Welfare Scheme for "Off-Roll" Workforce) ।
কোৰোণা মহামাৰীৰ ভয়ংকৰ সংক্ৰমণে সমগ্ৰ দেশতে বিভীষিকাৰ সৃষ্টি কৰাৰ মাজতে ৰিলায়েন্স ফাউণ্ডেচন (Reliance Foundation)এ গ্ৰহণ কৰিছে এক মহান পদক্ষেপ।
কোভিডে লাখ লাখ লোকৰ প্ৰাণ কাঢ়িলে। বহু পৰিয়াল নিশ্চিহ্ন হৈ গ'ল, বহু পৰিয়াল নিঠৰুৱা হৈ পৰিল। আত্মীয় আৰু প্ৰিয়জনক হেৰুওৱাৰ বেদনাত লাখ লাখ লোক দিশহাৰা হৈ পৰিছে। অনিশ্চিত হৈ পৰিছে তেওঁলোকৰ ভৱিষ্যত। এনে কৰুণ মৃত্যুক আঁকোৱালি লোৱাসকলৰ ভিতৰত হয়তো আমাৰো কোনো সতীৰ্থ আছে যাক হেৰুৱাই আমি আজিও মৰ্মাহত।
এনে এক সন্ধিক্ষণতে ৰিলায়েন্স ফাউণ্ডেচনে লৈছে এক মহান পদক্ষেপ। ৰিলায়েন্সে মানি চলে "উই কেয়াৰ" (WE CARE) বাণী। আৰু এই বাণীকেই সৰোগত কৰি আৰম্ভ কৰিছে অফ-ৰোল কৰ্মচাৰীৰ পৰিয়াল সহায় আৰু কল্যাণ আঁচনি (Family Support and Welfare Scheme for "Off-Roll" Workforce) । ৰিলায়েন্স (Reliance)ৰ অধীনত থকা প্ৰতিষ্ঠানত কাম কৰা সকলো অফ-ৰোল "Off-Roll" কৰ্মচাৰী আৰু তেওঁলোকৰ পৰায়াললৈ এই ঘোষণাই আনিব এক সকাহৰ বাৰ্তা। এই আপদকালত প্ৰয়াত কৰ্মচাৰীগৰাকীৰ পৰিয়ালক সাহস আৰু সমবেদনা দিয়াৰ উদ্দেশ্যে ৰিলায়েন্স ফাউণ্ডেচনে সহায়ৰ হাত আগবঢ়াই তলত দিয়া ঘোষণাটি কৰিছে-
কোনো অফ-ৰোল কৰ্মচাৰীৰ যদি কোভিড-১৯ত মৃত্যু হয় তেনেহ'লে তেওঁৰ পৰিয়াললৈ ৰিলায়েন্স ফাউণ্ডেচনৰ তৰফৰ পৰা আগবঢ়োৱা হ'ব ১০ লাখ (10 Lakhs) টকাৰ এককালীন সাহাৰ্য। কৰ্মচাৰীগৰাকীৰ নমিনীলৈ হস্তান্তৰ কৰা হ'ব এই অনুদান।
এই কথা ঘোষণা কৰিছে ৰিলায়েন্স ফাউণ্ডেচনৰ অধ্যক্ষা নীতা আম্বানীয়ে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|