ইটালীত কোৰোণাৰ ভয়ংকৰ ৰূপ, এদিনতে ৯১৯জন লোকৰ মৃত্যু, ৮৬ হাজাৰৰো অধিক লোক আক্ৰান্ত

এতিয়ালৈকে এদিনত কোৰোণাত আক্ৰান্ত হৈ মৃত্যু হোৱা সৰ্বাধিক সংখ্যা এয়া।
এতিয়ালৈকে এদিনত কোৰোণাত আক্ৰান্ত হৈ মৃত্যু হোৱা সৰ্বাধিক সংখ্যা এয়া।
- News18 Assam
- Last Updated: March 28, 2020, 8:41 AM IST
সংবাদ প্ৰতিষ্ঠান ৰয়টাৰ্ছৰ মতে, ইয়াৰ পূৰ্বে ইটালীত ২১ মাৰ্চত সৰ্বাধিক ৭৯৩জন, বুধবাৰে ৬৮৩জন, মঙলবাৰে ৭৪৩জন আৰু সোমবাৰে ৬০২জন লোকৰ মৃত্যু হৈছিল। কিন্তু শুকুৰবাৰে মৃত্যুৰ সংখ্যাই ভংগ কৰিলে অভিলেখ।
ইয়াৰ উপৰি ইটালীত কোৰোণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৮৬ হাজাৰ ৪৯৮জনলৈ বৃদ্ধি পাইছে। কোৰোণা মহামাৰীত বিশ্বজুৰি ২৫ হাজাৰ ৬৬জন লোকৰ মৃত্যু হৈছে। ইয়াৰ ভিতৰত অধিক সংখ্যক লোকৰ মৃত্যু হৈছে ইউৰোপত।