உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • coronavirus-latest-news
    • »
    • 'জনতা কাৰ্ফিউ'ৰ অৰ্থ অসাৰ কৰিলে একাংশ কাণ্ডজ্ঞানহীন লোকে, বিহু, ৰেলী আৰু দীঘলীয়া সমদলক লৈ প্ৰতিক্ৰিয়া, ভাইৰেল ভিডিওবোৰ চাওক

    'জনতা কাৰ্ফিউ'ৰ অৰ্থ অসাৰ কৰিলে একাংশ কাণ্ডজ্ঞানহীন লোকে, বিহু, ৰেলী আৰু দীঘলীয়া সমদলক লৈ প্ৰতিক্ৰিয়া, ভাইৰেল ভিডিওবোৰ চাওক

    চুড়ান্ত কাণ্ডজ্ঞানহীনতা! ক’ৰোণা ভাইৰাছৰ নামত একাংশৰ বহুৱালী।

    চুড়ান্ত কাণ্ডজ্ঞানহীনতা! ক’ৰোণা ভাইৰাছৰ নামত একাংশৰ বহুৱালী।

    চুড়ান্ত কাণ্ডজ্ঞানহীনতা! ক’ৰোণা ভাইৰাছৰ নামত একাংশৰ বহুৱালী।

    • Share this:
    চুড়ান্ত কাণ্ডজ্ঞানহীনতা! ক’ৰোণা ভাইৰাছৰ নামত একাংশৰ বহুৱালী। ইতিমধ্যে Covid19এ সমগ্ৰ দেশতে ত্ৰাসৰ সৃ্ষ্টি কৰিছে। প্ৰত্যেকদিনাই বৃদ্ধি পাইছে আক্ৰান্ত ৰোগীৰ সংখ্যা। দেওবাৰে দিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনতা কাৰ্ফিউৰ আহ্বান জনাইছিল। লগতে জনতা কাৰ্ফিউৰ দিনটোত সন্ধিয়া পাঁচ বজাত জৰুৰীকালীন সেৱাত নিয়োজিত কৰ্মীসকললৈ সন্মান প্ৰদৰ্শন কৰাৰ উদ্দেশ্যে দেশবাসীক নিজ ঘৰৰ দুৱাৰমুখলৈ ওলাই হাত চাপৰি, শংখ বজাবলৈ আহ্বান জনাইছিল।

    ইমানলৈকে সকলো ঠিকেই আছিল। কিন্তু সন্মান জনোৱাৰ নামত একাংশই ৰাজপথলৈ ওলাই আহি কৰিলে চৰম বহুৱালী। বহুতে আনকি ৰেলীও উলিয়ালে। এচামে আকৌ গীত–নৃত্য কৰি ৰাজপথলৈ ওলাই আহি ভাৰত মাতা কি জয়, নৰেন্দ্ৰ মোদী জিন্দাবাদ, ক’ৰোণা ভাইৰাছ গ’বেক ধ্বনি দি নিজকে মুৰ্খৰ পৰিচয় দিয়ে। এচাম মানুহৰ এনে কৰ্ম–কাণ্ডই যেন দিনটোৰ উদ্দেশ্যকে সম্পূৰ্ণ বিফল কৰি তুলিলে।


    কেৱল অশিক্ষিত বা অজ্ঞ লোকেই নহয় উচ্চ শিক্ষিত আৰু দায়িত্ব পূৰ্ণ পদত থকা সকলেও ক’ৰোণা সজাগতাৰ কৰুণ পৰিণতি তুলি ধৰিলে। এই ভিডিওত উত্তৰ প্ৰদেশৰ ডি এম (আই এ এছ বিষয়া) আৰু আৰক্ষী অধীক্ষকক দেখা গ’ল। আনহাতে  গুৱাহাটীৰ মণিপুৰী বস্তি এলেকাতো দেখা গ’ল সমদল, ফটকা ফুটাই একাংশই কৰিলে বহুৱালী। ইফালে ৰাতি ৯ বজাৰ পিছত গণেশগুৰিত মাছ-মাংস বিচাৰি ভিৰ কৰিলে একাংশই।
    Published by:Himangshu Bhuyan
    First published: