ৰঙিয়া মহকুমাৰ প্ৰায় ডেৰ শতাধিক ৪৫ বছৰ উৰ্ধৰ দিব্যাংগক কোভিড ভেকচিন প্ৰদান।
ৰঙিয়া মহকুমাৰ প্ৰায় ডেৰ শতাধিক ৪৫ বছৰ উৰ্ধৰ দিব্যাংগক কোভিড ভেকচিন প্ৰদান।
ৰঙিয়াত বৃহস্পতিবাৰে সমাজ কল্যাণ বিভাগ, স্বাস্থ্য বিভাগ আৰু যাদৱ চন্দ্ৰ ভূঞা স্মৃতি ন্যাসৰ উদ্যোগত দিব্যাংগ ব্যক্তিক কোভিড ভেকচিন প্ৰদান কৰা হয়। ৰঙিয়াৰ মুৰাৰা বালিকা প্ৰাথমিক বিদ্যালয়ত দুদিনীয়াকৈ এই ভেকচিন কাৰ্যসূচী আৰম্ভ কৰা হয়।
কোভিডৰ জটিল পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৪৫ বছৰৰ উৰ্ধ দিব্যাংগ ব্যক্তিক ভেকচিন প্ৰদান কৰা হয় । ৰঙিয়া সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ভৱেশ কলিতাই এই কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে । ৰঙিয়া মহকুমাৰ প্ৰায় ডেৰ শতাধিক ৪৫ বছৰ উৰ্ধৰ দিব্যাংগক কোভিড ভেকচিন প্ৰদান কৰে ।
কোভিড মহামাৰীৰ সংকটৰ মাজতে ভেকচিনৰ এই সুবিধা প্ৰদান কৰা বাবে দিব্যাংগসকলে চৰকাৰৰ লগতে যাদৱ চন্দ্ৰ ভূঞা ন্যাসক ধন্যবাদ জ্ঞাপন কৰে ।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|