কাৰণ নোহোৱাকৈ ঘৰৰ পৰা ওলালে থানাত এঘণ্টা ধৰি আৰক্ষীয়ে দেখুৱাব এই ভিডিঅ’

আৰক্ষীৰ বাৰম্বাৰ প্ৰয়াসৰ পিছতো একাংশ লোকে কোনো কাৰণ নোহোৱাকৈ ঘৰৰ পৰা বাহিৰলৈ ওলাই অহা দেখা গৈছে।
আৰক্ষীৰ বাৰম্বাৰ প্ৰয়াসৰ পিছতো একাংশ লোকে কোনো কাৰণ নোহোৱাকৈ ঘৰৰ পৰা বাহিৰলৈ ওলাই অহা দেখা গৈছে।
- News18 Assam
- Last Updated: March 27, 2020, 11:07 AM IST
যদি মানুহৰ সংখ্যা বেছি হয় তেন্তে একেলগে ভিডিঅ’ দেখুওৱা নহয়। ছচিয়েল ডিছটেন্সিঙৰ ওফৰত লক্ষ্য ৰাখি একেলগে দুজনকৈ লোকক পৃথকে পৃথকে বহুৱাই দেখুওৱা হ’ব ভিডিঅ’। সেই দুজনৰ চোৱা হোৱালৈ অপেক্ষা কৰিব লাগিব বাকীসকলে।
আচলতে আৰক্ষীৰ বাৰম্বাৰ প্ৰয়াসৰ পিছতো একাংশ লোকে কোনো কাৰণ নোহোৱাকৈ ঘৰৰ পৰা বাহিৰলৈ ওলাই অহা দেখা গৈছে। লাঠিচালনাৰ লগতে কাণত ধৰাই উঠা–বহাও কৰাইছে। ৰুজু কৰা হৈছে গোচৰো। কিন্তু তাৰ পিছতো একাংশ লোকে বাহিৰলৈ ওলাবলৈ এৰা নাই। বৃহস্পতিবাৰে ৪১৬জন লোকক ৯ লাখ টকাৰ চালান কাটিছে আৰক্ষীয়ে। লকডাউনৰ ৫ দিনত ৰাঁচী আৰক্ষীয়ে ৫৪ লাখ টকাৰ চালান কাটিছে।