প্ৰধানমন্ত্ৰীৰ আহ্বান মৰ্মে কাইলৈ জনতা সান্ধ্য আইন মানিবলৈ প্ৰস্তুত উত্তৰ পূৱ সীমান্ত ৰে’লৱে, সকলো স্থানীয় যাত্ৰীবাহী ৰে’ল বাতিল

News18 Assam | News18-Assam
Updated:March 21, 2020, 5:48 PM IST
প্ৰধানমন্ত্ৰীৰ আহ্বান মৰ্মে কাইলৈ জনতা সান্ধ্য আইন মানিবলৈ প্ৰস্তুত উত্তৰ পূৱ সীমান্ত ৰে’লৱে, সকলো স্থানীয় যাত্ৰীবাহী ৰে’ল বাতিল
জন সম্পৰ্কৰক্ষী বিষয়া নৃপেন ভট্টচাৰ্যই দিছে বহু কেইটা সতৰ্কবাণী।

জন সম্পৰ্কৰক্ষী বিষয়া নৃপেন ভট্টচাৰ্যই দিছে বহু কেইটা সতৰ্কবাণী।

  • Share this:
কোৰোণা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে দেওবাৰে পুৱা ৭বজাৰ পৰা নিশা ৯বজালৈ 'জনতা সান্ধ্য আইন' পালন কৰিবলৈ দেশবাসীক আহ্বান জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। প্ৰধানমন্ত্ৰীগৰাকীৰ এই আহ্বানক সঁহাৰি জনাইছে সকলোৱে। ‘জনতা সান্ধ্য আইন’ৰ বাবে আজি মাজনিশাৰে পৰা ৰে'ল সেৱা বাতিল কৰাৰ ঘোষণা কৰিছে ৰে'ল বিভাগে। ইতিমধ্যে সকলো স্থানীয় যাত্ৰীবাহী ৰে'ল বাতিল কৰাৰ কথা জনাইছে উত্তৰ-পূৱ সীমান্ত ৰে'লৱেই। পূৰ্বে প্ৰায় ৫০খন ৰে'ল বাতিল কৰিছিল ৰে'ল বিভাগে। কিন্তু দেশৰ প্ৰধানমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই দেওবাৰে সকলো স্থানীয় যাত্ৰীবাহী ৰে'লকে ধৰি প্ৰায় সংখ্যক দূৰণীবটীয়া ৰে'ল বাতিল কৰাৰ সিন্ধান্ত লোৱাৰ কথা জানিবলৈ দিয়ে উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ জনসম্পৰ্কৰক্ষী বিষয়া নৃপেন ভট্টাচাৰ্যই। ইফালে ৰে'ল পৰিসৰসমূহত লোকৰ সমাগম নিষিদ্ধ কৰিছে ৰে'লৱে। ইয়াৰোপৰি মানুহৰ সমাগম ৰোধৰ বাবে প্লেটফৰ্মৰ টিকটৰ মূল্য যথেষ্ট হাৰত বৃদ্ধি কৰি দিছে ৰে'ল বিভাগে। পূৰ্বৰ ১০ টকীয়া টিকট ৫০ টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে উত্তৰ-পূৱ সীমান্ত ৰে'লৱেই। লগতে বয়োবৃদ্ধ লোকৰ যাত্ৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছে ৰে'ল বিভাগে। মুঠৰ ওপৰত কোৰোণা ভাইৰাছ প্ৰতিৰোধৰ বাবে ব্যাপক সতৰ্কতা অৱলম্বন কৰিছে ৰে'ল বিভাগে।

ছচিয়েল মিডিয়াৰ জৰিয়তেও ৰে’ল যাত্ৰা এৰাই চলিবলৈ সকলোকে পৰামৰ্শ দিছে ৰে’ল মন্ত্ৰালয়ে।


উল্লেখযোগ্য যে একাংশ ৰে’লত কোৰোণা ভাইৰাছ সংক্ৰমিত যাত্ৰীয়ে মনে মনে যাত্ৰা কৰাক লৈ আশংকাৰ সৃষ্টি হৈছে। ৰে’ল মন্ত্ৰালয়ে ইতিমধ্যে ছচিয়েল মিডিয়াযোগে প্ৰকাশ কৰিছে সকলো কথা।




Published by: Tulika Devi
First published: March 21, 2020, 5:29 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading