কোৰোণাকেন্দ্ৰিক জটিল পৰিস্থিতিৰ বাবে সৰ্বস্বান্ত হোৱাৰ পথত ৰঙিয়াৰ বাছৰ মালিক সকলৰ লগতে চালক আৰু কৰ্মচাৰীসকল। আন্তঃজিলা যাতায়ত বন্ধ থকাৰ বাবে বৃহৎ লোকচানৰ সন্মুখীন হৈছে ৰঙিয়াৰ প্ৰায় ৫০খন বাছৰ মালিক।
সামাজিক দূৰত্ব বজাই ৩০ শতাংশ যাত্ৰীৰে চৰকাৰে ব্যক্তিগত মালিকানাধীন বাছসমূহ চলাচল কৰিবলৈ অনুমতি প্ৰদান কৰিছে। কিন্তু বাছ চলাচল কৰাৰ ক্ষেত্ৰত আহি পৰিছে এটাৰ পিছত আন এটা সংকট । যাত্ৰীৰ অভাৱত বাছৰ ভাড়া দুগুণ বৃদ্ধি কৰিব লগা হৈছে। ভাড়া বৃদ্ধি কৰাৰ কাৰণে বাছৰ পৰিচালক আৰু যাত্ৰীসকলৰ মাজত সঘনাই সংঘাতৰো সৃষ্টি হয় ।
তদুপৰি পেট্ৰ’লৰ মূল্যবৃদ্ধি আৰু টোল গেটত আদায় দিব লগা কৰৰ বাবে বাছৰ চালক, পৰিচালক আৰু হেণ্ডিমেন সকলৰ অৱস্থা একেবাৰে শোচনীয় হৈ পৰিছে।
Published by: Manjumoni Borah
FIRST PUBLISHED : June 11, 2021, 16:52 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।