ডিব্ৰুগড়ৰ অন্যতম আগশাৰী শিক্ষানুষ্ঠান ছল্টব্ৰুক একাডেমীৰ অধ্যক্ষৰ আজি কোভিড-১৯ত মৃত্যু হয়। কোভিডত আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি ল’লে অধ্যক্ষ অজয় চাহুৱে।
যোৱা মঙলবাৰে কোভিডত আক্ৰান্ত হৈছিল অধ্যক্ষগৰাকী । ইয়াৰ পিছতে ডিব্ৰুগড়ৰ এখন বেচৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰিছিল যদিও তাত আৰোগ্য নোহোৱাত অসম চিকিৎসা মহাবিদ্যালয়লৈ নিয়া হৈছিল অজয় চাহুক। কিন্তু চিকিৎসাধীন অৱস্থাতে অসম চিকিৎসা মহাবিদ্যালয়ত আজি শেষ নিশ্বাস ত্যাগ কৰে অজয় চাহুয়ে ।
উল্লেখযোগ্য যে ১৯৯৬ চনৰ পৰাই শিক্ষানুষ্ঠান খনৰ সৈতে জড়িত হৈ আছিল অজয় চাহু।
আনহাতে অসম চিকিৎসা মহাবিদ্যালয়ত যোৱা ২৪ ঘণ্টাত কোভিডত প্ৰাণ হেৰুৱালে ৭ জনে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|