কোৰোণা ভাইৰাছৰ পৰা সাৰি নগ’ল ব্ৰিটিশ ৰাজপৰিয়ালৰ উত্তৰাধিকাৰীও, কোৰোণা পজিটিভ প্ৰিন্স চাৰ্লছ

News18 Assam | News18-Assam
Updated:March 25, 2020, 4:39 PM IST
কোৰোণা ভাইৰাছৰ পৰা সাৰি নগ’ল ব্ৰিটিশ ৰাজপৰিয়ালৰ উত্তৰাধিকাৰীও, কোৰোণা পজিটিভ প্ৰিন্স চাৰ্লছ
গ্ৰেট ব্ৰিটেইনৰ ৰাজপৰিয়াল

বৰ্তমান নিজে স্কটলেণ্ড অকলশৰীয়াকৈ আছে গ্ৰেট ব্ৰিটেইনৰ মহাৰাণীৰ পুত্ৰ তথা ব্ৰিটিশ ৰাজসিংহাসনৰ প্ৰথম শাৰীৰ উত্তৰাধিকাৰী প্ৰিন্স চাৰ্লছ।

  • Share this:
কোৰোণাৰ হাতোৰাৰ পৰা সাৰি নগ’ল ব্ৰিটিশ ৰাজপৰিয়ালো। কোৰোণাত আক্ৰান্ত হৈছে গ্ৰেট ব্ৰিটেইনৰ উত্তৰাধিকাৰী প্ৰিন্স চাৰ্লছ। ৭১বছৰীয়া প্ৰিন্স চাৰ্লছৰ স্বাস্থ্য বৰ্তমান সুস্থ বুলি জনাই ৰাজপৰিয়ালৰ বিবৃতিত উল্লেখ কৰা হৈছে,

“প্ৰিন্স অৱ ৱেলছ কোৰোণা পজিটিভ বুলি পৰীক্ষাত পোৱা গৈছে। সামান্য লক্ষণ প্ৰকাশ পোৱাৰ বাহিৰে তেওঁৰ স্বাস্থ্য বৰ্তমান ভাল স্বাভাৱিকভাৱেই তেওঁ ঘৰৰ পৰা কাম কৰি আছে।

ডাচ্চেছ অৱ কৰ্নৱেলকো পৰীক্ষা কৰোৱা হৈছিল তেওঁৰ গাত এই ভাইৰাছ নাই। চৰকাৰ আৰু চিকিৎসকৰ পৰামৰ্শ  মতে প্ৰিন্স আৰু ডাচ্ছেছ দুয়ো স্কটলেণ্ডত অকলশৰীয়াকৈ আছে। এই পৰীক্ষা সম্পন্ন কৰোৱা হয় এবাৰদিনশ্বায়াৰৰ এনএইচএছত।

ক’ৰ পৰা প্ৰিন্সৰ এই ভাইৰাছ সংক্ৰমণত আক্ৰান্ত হ’ল জানিব পৰা হোৱা নাই কাৰণে তেওঁ দায়িত্বৰ কাৰণে যথেষ্ট সংখ্য লোকক সাক্ষাৎ কৰিছে যোৱা কিছু সপ্তাহত।”


৭১বছৰীয়া প্ৰিন্স চাৰ্লছ আৰু পত্নী কেমিলা।
আৰু চাওক
পৰৱৰ্তী বাতৰি