আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেন বিগত কেইদিনমান ক'ভিডত আক্ৰান্ত হৈ থকাৰ পিছত শনিবাৰে কৰা ক'ভিড পৰীক্ষাত নিগেটিভ হয়।
বাইডেনৰ চিকিৎসক কেভিন অ'কনৰে এক বিবৃতিত কয় যে, "ৰাষ্ট্ৰপতিয়ে বৰ্তমান ভালেই অনুভৱ কৰি আছে। আজি ৰাতিপুৱা কৰা তেওঁৰ SARS-CoV-2 এণ্টিজেন পৰীক্ষা ঋণাত্মক আছিল।"
উল্লেখযোগ্য যে, ৭৯ বছৰ বয়সত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱা আটাইতকৈ বয়স্ক ব্যক্তি বাইডেন ক'ভিড পজিটিভ হোৱাৰ পিছত বিগত এটা সপ্তাহে তেওঁ তাৎক্ষণিক আৰোগ্যতাৰ বাবে কোৱাৰেণ্টিনত আছিল।
অ'কনৰে কৈছে যে, অধিক সাৱধানতাৰ বাবে বাইডেনে দ্বিতীয়টো ক'ভিড পৰীক্ষাত নিগেটিভ নোহোৱা পৰ্যন্ত নিজকে আইচ'লেট কৰি ৰাখিব।
বাইডেনৰ চৰকাৰী অনুসূচী অনুসৰি তেওঁ অহা সোমবাৰে প্ৰলয়ংকৰী বানপানীত ডুবি থকা কেণ্টুকী ৰাষ্ট্ৰলৈ যাত্ৰা কৰিবলৈ সাজু হৈছে।
Published by:Subham Goswami
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|