ভ্ৰাম্যমাণ থিয়েটাৰ বন্ধ নকৰিবলৈ চৰকাৰক আহ্বান অভিনেত্ৰী প্ৰস্তুতি পৰাশৰৰ

News18 Assam | News18-Assam
Updated:March 15, 2020, 4:46 PM IST
ভ্ৰাম্যমাণ থিয়েটাৰ বন্ধ নকৰিবলৈ চৰকাৰক আহ্বান অভিনেত্ৰী প্ৰস্তুতি পৰাশৰৰ
অসমতো এতিয়া ক’ৰোণা ভাইৰাছৰ আতংক। ইতিমধ্যে ৰাজ্য চৰকাৰে স্কুল, কলেজ, জিম ২৯ মাৰ্চ পৰ্যন্ত বন্ধ ৰাখিবলৈ নিৰ্দেশনা জাৰি কৰিছে

অসমতো এতিয়া ক’ৰোণা ভাইৰাছৰ আতংক। ইতিমধ্যে ৰাজ্য চৰকাৰে স্কুল, কলেজ, জিম ২৯ মাৰ্চ পৰ্যন্ত বন্ধ ৰাখিবলৈ নিৰ্দেশনা জাৰি কৰিছে

  • Share this:
অসমতো এতিয়া ক’ৰোণা ভাইৰাছৰ আতংক। ইতিমধ্যে ৰাজ্য চৰকাৰে স্কুল, কলেজ, জিম ২৯ মাৰ্চ পৰ্যন্ত বন্ধ ৰাখিবলৈ নিৰ্দেশনা জাৰি কৰিছে। ইফালে ক’ৰোণা ভাইৰাছৰ ভয়াৱহতালৈ লক্ষ্য ৰাখি বিভিন্ন ৰাজহুৱা সভা, ভ্ৰাম্যমান থিয়েটাৰ বন্ধ ৰখাৰো সিদ্ধান্ত গ্ৰহণ কৰিছে।

যোৰহাটতো সংক্ৰমণ ৰোধ কৰিবলৈ সাৱধানতা অৱলম্বন কৰা হৈছে। ৰাজহুৱা স্থানত জনসমাগম হ’ব পৰা সকলো অনুষ্ঠানত বাধা আৰোপ কৰা হৈছে । কাৰণ ভুটানত ক'ৰোণা ভাইৰাছত আক্ৰান্ত হোৱা বুলি ধৰা পৰা মাৰ্কিন পৰ্যটকগৰাকীয়ে ভ্ৰমণ কৰি গৈছিল যোৰহাট।

যোৰহাট জিলা প্ৰশাসনে বন্ধ কৰি দিছে ভাওনা, ভ্ৰাম্যমাণ থিয়েটাৰৰ দৰ্শনী। ইয়াকে লৈ ৰাইজৰ মাজতো তীব্ৰ আতংকময় পৰিবেশে বিৰাজ কৰিছে। শনিবাৰে প্ৰশাসনে ঢ়েকৰগড়াত অনুষ্ঠিত হ’ব লগীয়া এখন ভাওনাৰ প্ৰদৰ্শনী বন্ধ কৰি দিয়াৰ লগতে বন্ধ কৰি দিছিল কাকজানত চলি থকা হেঙুল থিয়েটাৰৰ দৰ্শনী । ভ্ৰাম্যমাণ থিয়েটাৰসমূহৰ দৰ্শনীসমূহ বন্ধ কৰি দিয়াত বৰ্তমান হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে আয়োজক তথা ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰযোজকসকলৰ মাজত ।



দেওবাৰে যোৰহাটত বিশিষ্ট অভেনেত্ৰী তথা প্ৰযোজক প্ৰস্তুতি পৰাশৰ সহ কেইবাগৰাকী ভ্ৰাম্যমাণৰ প্ৰযোজকে এখন সংবাদমেল যোগে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে । ভ্ৰাম্যমাণ থিয়েটাৰৰ দৰ্শনীসমূহ বন্ধ কৰি দিলে থিয়েটাৰৰ সৈতে জড়িত বহু লোকৰ উপাৰ্জন বন্ধ হৈ পৰিব বুলি প্ৰযোজকসকলে জানিবলৈ দিয়ে। আনহাতে দৰ্শকসকলক প্ৰয়োজনীয় স্বাস্থ্য পৰীক্ষা তথা স্ক্ৰীনিঙ কৰাৰ ব্যৱস্থা যদিহে স্বাস্থ্য বিভাগে কৰি দিয়ে তেন্তে এই ক্ষেত্ৰত যাৱতীয় সকলো সহায় থিয়েটাৰ কৰ্তৃপক্ষই আগবঢ়াব বুলি প্ৰযোজককেইগৰাকীয়ে জানিবলৈ দিয়ে ।

অভিনেত্ৰী-প্ৰযোজক প্ৰস্তুতি পৰাশৰে ভ্ৰাম্যমাণ থিয়েটাৰসমূহক চিনেমা হল বা শ্বপিঙ মলৰ সৈতে তুলনা নকৰিবলৈ চৰকাৰক আহ্বান জনায় । তেওঁ আৰু কয় যে, ‘থিয়েটাৰ চাবলৈ যোৱা দৰ্শকসকলে কেৱল আসনত বহি সন্মুখৰ ষ্টেজলৈহে চাই থাকে। আৰু ভ্ৰাম্যমাণ থিয়েটাৰ উপভোগ কৰিবলৈ কোনো বিদেশী লোক যিহেতু নাহে , গতিকে ইয়াত সংক্ৰমণৰ সম্ভাৱনা তুলনামূলক ভাৱে বহু কম।’
Published by: Himangshu Bhuyan
First published: March 15, 2020, 4:43 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading