নিজে মাস্ক পৰিধান নকৰি পোহনীয়া কুকুৰক মাস্ক পিন্ধালে এগৰাকী দৰিদ্ৰ লোকে ! আৱেগেৰে ক’লে- “এইটো মোৰ কেঁচুৱা !"
ইনষ্টাগ্ৰামত ভাইৰেল হৈ পৰা এটা ভিডিঅ'ত এজন বৃদ্ধ আৰু দৰিদ্ৰ লোকক তেওঁৰ কুকুৰটো কান্ধত লৈ থকা দেখিবলৈ পোৱা গৈছে । সেইসময়ত তেওঁৰ কুকুৰটোৰ মুখত মাস্ক আছিল, কিন্তু তেওঁৰ মুখত নাছিল কোনো মাস্ক ।
ইনষ্টাগ্ৰামত ভাইৰেল হৈ পৰা এটা ভিডিঅ'ত এজন বৃদ্ধ আৰু দৰিদ্ৰ লোকক তেওঁৰ কুকুৰটো কান্ধত লৈ থকা দেখিবলৈ পোৱা গৈছে । সেইসময়ত তেওঁৰ কুকুৰটোৰ মুখত মাস্ক আছিল, কিন্তু তেওঁৰ মুখত নাছিল কোনো মাস্ক ।
- News18 Assam
- Last Updated: April 17, 2021, 10:36 PM IST
যিহেতু সমগ্ৰ দেশৰ কেইবাখনো ৰাজ্য চৰকাৰে কোৰোণা দ্বিতীয় ঢৌক নিয়ন্ত্ৰণ কৰিবলৈ অধিক প্ৰতিবন্ধকতা প্ৰয়োগ কৰি থকা, সেই সময়তে ভাইৰেল হৈ পৰিছে এটা বিশেষ ভিডিঅ’ ৷ য’ত এগৰাকী দৰিদ্ৰ লোকে নিজে মাস্ক পৰিধান নকৰি তেওঁৰ মৰমৰ কুকুৰটোক মাস্ক পিন্ধাই খোজ কাঢ়িছে ৰাজপথৰ মাজেৰে ৷
ইনষ্টাগ্ৰামত ভাইৰেল হৈ পৰা এই ভিডিঅ'টোত এজন বৃদ্ধ আৰু দৰিদ্ৰ লোকক তেওঁৰ কুকুৰটো কান্ধত লৈ থকা দেখিবলৈ পোৱা গৈছে । সেইসময়ত তেওঁ কুকুৰটোৰ মুখত মাস্ক আছিল, কিন্তু তেওঁৰ মুখত নাছিল কোনো মাস্ক । যেতিয়া ভিডিঅ'টোৰ নিৰ্মাতাই লোকজনক তেওঁ কিয় নিজে মাস্ক পৰিধান কৰা নাই অথচ কুকুৰটোক পৰিধান কৰাইছে বুলি প্ৰশ্ন কৰাত লোকজনে কৈছিল, “এইটো মোৰ কেঁচুৱা । মোৰ লগত যি হ’লেও কিন্তু মই ইয়াৰ কোনো ক্ষতি হোৱাটো নিবিচাৰো।” লগতে লোকজনে কৈছিল, “মই মৰিলেও, মই মোৰ কুকুৰটোক মৰিবলৈ নিদিও।”












