গৰাকীক কাণত ধৰাই আৰক্ষীয়ে কৰোৱালে উঠা-বহা,মালিকৰ অৱস্থা দেখি যেন তবধ মানিলে পোহনীয়া কুকুৰটোৱেও!

News18 Assam | News18-Assam
Updated:March 26, 2020, 9:30 PM IST
গৰাকীক কাণত ধৰাই আৰক্ষীয়ে কৰোৱালে উঠা-বহা,মালিকৰ অৱস্থা দেখি যেন তবধ মানিলে পোহনীয়া কুকুৰটোৱেও!
চৰকাৰৰ আদেশক যেন কেৰেপেই নকৰে একাংশই!

চৰকাৰৰ আদেশক যেন কেৰেপেই নকৰে একাংশই!

  • Share this:
চৰকাৰৰ আহ্বানক কেৰেপ নকৰি লক ডাউন অমান্য কৰি ৰাজপথত পিটপিটাই ফুৰা লোকক আৰক্ষীয়ে শাস্তি বিহাৰ ভিডিঅ' এতিয়া সকলোতে ভাইৰেল হৈছে। কিন্তু নগাঁও জিলাৰ ৰূপহীহাট অঞ্চলৰ এটা বিশেষ ভিডিঅ'ই এতিয়া ছচিয়েল মিডিয়াত লাভ কৰিছে ব্যাপক চৰ্চা।

লকডাউনৰ সময়ছোৱাত ৰাজপথত পোহনীয়া কুকুৰটোক লগত লৈ এপাক ওলাই আহিছিল এজন ব্যক্তি। কিন্তু ভাগ্য বেয়া আছিল লোকজনৰ! পোহনীয়া কুকুৰটোৰ সন্মুখতে আৰক্ষীয়ে কাণত ধৰাই উঠ–বহ কৰালে ব্যক্তিজনক। গৰাকীৰ এই অৱস্থা দেখি যেন তবধ মানিলে কুকুৰটোৱেও!

গৰাকীয়ে উঠা বহা কৰা দৃশ্য আৰক্ষীৰ সৈতে নেজ জোকাৰি জোকাৰি উপভোগ কৰিলে কুকুৰেও।
আৰু চাওক
পৰৱৰ্তী বাতৰি