আৰক্ষী জোৱানৰ হাতত প্ৰাণ পালে মূখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাৰ প্ৰতিমূৰ্তি । হোম কোৱাৰেণ্টাইনৰ সময়ত নিৰ্মাণ কৰিলে প্ৰতিমূৰ্তি ।

News18 Assam | News18-Assam
Updated:June 9, 2021, 8:36 AM IST
আৰক্ষী জোৱানৰ হাতত প্ৰাণ পালে মূখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাৰ প্ৰতিমূৰ্তি । হোম কোৱাৰেণ্টাইনৰ সময়ত নিৰ্মাণ কৰিলে প্ৰতিমূৰ্তি ।
হস্তশিল্পীৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত পিতৃৰ পৰাই আৰক্ষীৰ জোৱানজনে জ্ঞান আৰ্জন কৰিছিল এই শিল্পৰ। ইয়াৰ আগতেও জোৱানজনে কাঠ,বাঁহত খোদিত কৰি আহিছিল বিভিন্ন ধৰণৰ মূৰ্তি ।

হস্তশিল্পীৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত পিতৃৰ পৰাই আৰক্ষীৰ জোৱানজনে জ্ঞান আৰ্জন কৰিছিল এই শিল্পৰ। ইয়াৰ আগতেও জোৱানজনে কাঠ,বাঁহত খোদিত কৰি আহিছিল বিভিন্ন ধৰণৰ মূৰ্তি ।

  • Share this:
কোৰোণো কালত চলি থকা মিনি লকডাউন, সান্ধ্য আইনৰ সময়ত কৰ্তব্যত কঠোৰ পৰিশ্ৰম কৰি নিষ্ঠাৰে দায়িত্ব পালন কৰা এগৰাকী আৰক্ষী জোৱান । নাম ঋষিকেশ বৰা ।  বটদ্ৰৱা থানাত কৰ্তব্যৰত আৰক্ষী জোৱান জন কোভিড-১৯ত আক্ৰান্ত হোৱাত স্বাস্থ্য বিভাগে হোম কোৱাৰেণ্টাইন কৰে । হোম কোৱাৰেণ্টাইনৰ সময়ছোৱাত  আৰক্ষী জোৱান জনে নিজৰ মনোবল বৃদ্ধিৰ বাবে কাঠত খোদিত কৰি নিৰ্মাণ কৰি উলিয়ালে মূখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাৰ প্ৰতিমূৰ্তি ।

হস্তশিল্পীৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত নগাঁৱৰ কঠিয়াতলীৰ বিলছাআটি গাঁৱৰ জিতেন কুমাৰ বৰাৰ জেষ্ঠ্য পুত্ৰ UB Constable 286 নম্বৰৰ জোৱান ঋষিকেশ বৰাই দেউতাকৰ পৰা সৰুতে এই শিল্পৰ জ্ঞান আহৰণ কৰিছিল । জোৱানজনৰ  শিল্পী কৰ্মৰ নিদৰ্শনে অসম আৰক্ষীলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ।

উল্লেখ্য যে ,ইয়াৰ আগতেও জোৱান জনে কাঠ,বাঁহত খোদিত কৰি এটাৰ পিছত এটাকৈ প্ৰস্তুত কৰি আহিছিল বিভিন্ন ধৰণৰ মূৰ্তি । বৰ্তমান কোৰোণা কালত জোৱানজনে মনোবল বৃদ্ধিৰ বাবে মূখ্যমন্ত্ৰীৰ মূৰ্তি প্ৰস্তুত কৰাত  সকলোৱে শলাগ লৈছে ।
Published by: Manjumoni Borah
First published: June 9, 2021, 8:20 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি