
বুধবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে কোৰোণা ভাইৰাছৰ সংক্ৰমণক অত্যন্ত গুৰুত্ব সহকাৰে লৈ এক উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত কৰে।
বুধবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে কোৰোণা ভাইৰাছৰ সংক্ৰমণক অত্যন্ত গুৰুত্ব সহকাৰে লৈ এক উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত কৰে।
দেশত কৰোণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা বুধবাৰে নিশালৈ ১৫১ জনলৈ বৃদ্ধি পাইছে। এই ভাইৰাছৰ সংক্ৰমণত ভাৰতত মৃত্যু হৈছে ৩ জনৰ। এনে সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নিশা ৮ বজাত দেশবাসীক সম্বোধন কৰিব। কোৰোণা ভাইৰাছ সম্পৰ্কত আৰু ইয়াৰ পৰা পৰিত্ৰাণ উপায় সন্দৰ্ভত কথা পাতিব মোদীয়ে।
বুধবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে কোৰোণা ভাইৰাছৰ সংক্ৰমণক অত্যন্ত গুৰুত্ব সহকাৰে লৈ এক উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত কৰে। বৈঠকত কোৰোণা ভাইৰাছৰ পৰা পৰিত্ৰাণ পোৱাৰ প্ৰয়াসৰ সমীক্ষা কৰে মোদীয়ে। ইফালে, কোৰোণা ভাইৰাছৰ বাবে নয়দাত জাৰি কৰা হৈছে ১৪৪ ধাৰা।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|