Corona কালত শিশুক লৈ বিশেষভাৱে উদ্বিগ্ন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ! দেশত চলিছে নাকত স্প্ৰে কৰা ভেকছিনৰ পৰীক্ষা: মোদী

News18 Assam | News18-Assam
Updated:June 7, 2021, 5:58 PM IST
Corona কালত শিশুক লৈ বিশেষভাৱে উদ্বিগ্ন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ! দেশত চলিছে নাকত স্প্ৰে কৰা ভেকছিনৰ পৰীক্ষা: মোদী
দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোডীয়ে কয়, "আমাৰ সন্তানক লৈ চিন্তা কৰা হৈছে। এই দিশত দুটা ভেকছিনৰ পৰীক্ষণ দ্ৰুত গতিত চলি আছে। লগতে দেশত নাকৰ ভেকছিন এটাৰ পৰীক্ষা চলি আছে। "

দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোডীয়ে কয়, "আমাৰ সন্তানক লৈ চিন্তা কৰা হৈছে। এই দিশত দুটা ভেকছিনৰ পৰীক্ষণ দ্ৰুত গতিত চলি আছে। লগতে দেশত নাকৰ ভেকছিন এটাৰ পৰীক্ষা চলি আছে। "

  • Share this:
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে শিশুসকলৰ ওপৰত ক'ৰোনা ভাইৰাছৰ প্ৰভাৱক লৈ উদ্বেগ প্ৰকাশ কৰি কয় যে দেশত দুটা ভেকছিন পৰীক্ষা কৰা হৈছে। দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোডীয়ে কয়, "আমাৰ সন্তানক লৈ চিন্তা কৰা হৈছে। এই দিশত দুটা ভেকছিনৰ পৰীক্ষণ দ্ৰুত গতিত চলি আছে। লগতে দেশত নাকৰ ভেকছিন এটাৰ পৰীক্ষা চলি আছে। ইয়াক চিৰিঞ্জেৰে দিয়া নহ'ব কিন্তু নাকত স্প্ৰে কৰা হ'ব। যদি অদূৰ ভৱিষ্যতে দেশ সফল হয়, তেন্তে ই দেশত ভেকছিনৰ পৰিস্থিতি আৰু ত্বৰান্বিত কৰিব।"

তেওঁ লগতে কয়, "অনাগত দিনত ভেকছিনৰ যোগান আৰু অধিক বৃদ্ধি পাব। আজি দেশৰ ৭টা কোম্পানীয়ে বিভিন্ন ধৰণৰ ভেকছিন প্ৰস্তুত কৰি আছে। আৰু তিনিটা ভেকছিনৰ আগতীয়া পৰীক্ষণ চলি আছে। অন্য দেশৰ পৰা ভেকছিন ক্ৰয় কৰাৰ প্ৰক্ৰিয়াও দ্ৰুত কৰা হৈছে।
Published by: Kokil Sarma
First published: June 7, 2021, 5:58 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি