সমগ্ৰ দেশত ২১ দিনৰ বাবে লকডাউন, মোদীয়ে ক’লে – ২১ দিন নিজকে চম্ভালি নাৰাখিলে ২১ বছৰ পিছুৱাই যাব দেশ

News18 Assam | News18-Assam
Updated:March 24, 2020, 9:07 PM IST
সমগ্ৰ দেশত ২১ দিনৰ বাবে লকডাউন, মোদীয়ে ক’লে – ২১ দিন নিজকে চম্ভালি নাৰাখিলে ২১ বছৰ পিছুৱাই যাব দেশ
মোদীয়ে কয় – ‘যদি এই ২১ দিন আপুনি নিজকে চম্ভালি নাৰাখে তেন্তে দেশ ২১ বছৰ পিছুৱাই যাব।

মোদীয়ে কয় – ‘যদি এই ২১ দিন আপুনি নিজকে চম্ভালি নাৰাখে তেন্তে দেশ ২১ বছৰ পিছুৱাই যাব।

  • Share this:
দেশত কোৰোণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে সম্পূৰ্ণ চেষ্টা চলাইছে মোদী চৰকাৰে। কোৰোণাৰ প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰিছে বহু গুৰুত্বপূৰ্ণ পদক্ষেপ। ইয়াৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কোৰোণা ভাইৰাছক লৈ দ্বিতীয়বাৰলৈ সম্বোধন কৰিলে দেশবাসীক।

প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰে যে আজি নিশা ১২ বজাৰ পৰা সমগ্ৰ দেশত লকডাউন হ’বলৈ গৈ আছে। দেশত এই লকডাইন ২১ দিনৰ বাবে থাকিব। এই লকডাউন একপ্ৰকাৰ কাৰফিউৰ দৰেই। প্ৰতিজন ভাৰতবাসীৰ সুৰক্ষাৰ বাবে, প্ৰতিটো পৰিয়ালৰ সুৰক্ষাৰ বাবে, প্ৰতিজন নাগৰিকৰ সুৰক্ষাৰ বাবে গ্ৰহণ কৰা হৈছে এই পদক্ষেপ।

মোদীয়ে কয় – ‘যদি এই ২১ দিন আপুনি নিজকে চম্ভালি নাৰাখে তেন্তে দেশ ২১ বছৰ পিছুৱাই যাব। ২১ দিনৰ বাবে বাহিৰলৈ ওলোৱাটো পাহৰি যাওক। ঘৰতে থাকক। মই এই কথা আপোনাৰ পৰিয়ালৰ এগৰাকী সদস্য হিচাপে কৈছো।’

প্ৰধানমন্ত্ৰীয়ে কয় – ‘মই হাতযোৰ কৰি কৈছো, ভাৰতীয় লোকসকল য’ত আছে তাতেই থাকক। ২৪ ঘণ্টাই কাম কৰি থকা সংবাদ মাধ্যম, চিকিৎসক, আৰক্ষী আৰু জৰুৰীকালীন সেৱা আগবঢ়াই থকা সকলো লোকৰ বিষয়ে এবাৰ ভাবক, যিসকলে ঘৰ–পৰিয়ালৰ পৰা দূৰত থাকি নিজৰ জীৱন বিপদাপন্ন কৰি নিজৰ কৰ্তব্য পালন কৰি আছে। তেওঁলোকৰ বাবে প্ৰাৰ্থনা কৰক।’

মোদীয়ে কয় যে অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান অব্যাহত থাকিব, ইয়াৰ বাবে উপায় অৱলম্বন কৰা হৈছে, আগলৈও কৰা হ’ব। সকলো সুবিধা আৰু সেৱা আগবঢ়োৱা হ’ব। সকলো ৰাজ্য চৰকাৰক অনুৰোধ কৰিছো যে তেওঁলোকৰ প্ৰথম প্ৰাথমিকতা হ’ব স্বাস্থ্য সেৱা।
আৰু চাওক
পৰৱৰ্তী বাতৰি