প্ৰধানমন্ত্ৰী সাহায্য কোষলৈ ৫০১ টকা দিয়া ব্যক্তিক প্ৰধানমন্ত্ৰী দিলে উত্তৰ, কি ক’লে মোদীয়ে?

News18 Assam | News18-Assam
Updated:March 29, 2020, 8:26 AM IST
প্ৰধানমন্ত্ৰী সাহায্য কোষলৈ ৫০১ টকা দিয়া ব্যক্তিক প্ৰধানমন্ত্ৰী দিলে উত্তৰ, কি ক’লে মোদীয়ে?
প্ৰধানমন্ত্ৰীয়ে এজন ছাত্ৰই দিয়া ১০০০ টকাৰ অৱদানৰ বাবে ধন্যবাদ জনাই কয় যে দেশৰ ভৱিষ্যতে ৰাষ্ট্রৰ ভৱিষ্যৎ সুনিশ্চিত কৰিছে।

প্ৰধানমন্ত্ৰীয়ে এজন ছাত্ৰই দিয়া ১০০০ টকাৰ অৱদানৰ বাবে ধন্যবাদ জনাই কয় যে দেশৰ ভৱিষ্যতে ৰাষ্ট্রৰ ভৱিষ্যৎ সুনিশ্চিত কৰিছে।

  • Share this:
কোৰোণা ভাইৰাছ আৰু এনেধৰণৰ প্ৰত্যাহ্বানমূলক সময়ৰ সৈতে যুঁজিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বনোৱা সাহায্য কোষলৈ ধন আগবঢ়োৱাৰ কথা ঘোষণা কৰা বীলউদৰ অভিনেতা অক্ষয় কুমাৰ সম্ভৱত প্ৰথমজন ব্যক্তি। বলীউদৰ অভিনেতাগৰাকীয়ে এই সাহায্য কোষলৈ ২৫ কোটি টকা দিয়াৰ কথা ঘোষণা কৰাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইট কৰি কয় – ‘সুন্দৰ পদক্ষেপ, অক্ষয় কুমাৰ। সুস্থ ভাৰতৰ বাবে আহক দান কৰো।’

এজন লোকে এই কোষলৈ ৫০১ টকা অৱদান আগবঢ়াই টুইটাৰযোগে এয়া ‘এক ক্ষুদ্ৰ ধনৰাখি’ অভিহিত কৰাত প্ৰধানমন্ত্ৰী মোদীয়ে সেই লোকজনক উত্তৰ দিয়ে – ‘একোৱেই সৰু বা ডাঙৰ নহয়।’ মোদীয়ে কয় – ‘প্ৰতিটো অৱদানেই গুৰুত্বপূৰ্ণ। এয়া কোভিড–১৯ক হৰুৱাবলৈ আমাৰ সামূহিক সংকল্প সূচায়।’

প্ৰধানমন্ত্ৰীয়ে এজন ছাত্ৰই দিয়া ১০০০ টকাৰ অৱদানৰ বাবে ধন্যবাদ জনাই কয় যে দেশৰ ভৱিষ্যতে ৰাষ্ট্রৰ ভৱিষ্যৎ সুনিশ্চিত কৰিছে। উল্লেখযোগ্য দেশৰ এই পৰিস্থিতিত আৰ্থিক সাহায্য আগবঢ়াবলৈ আগবাঢ়ি আহিছে দেশৰ বিভিন্ন ব্যক্তি।
Published by: Sanjay Kumar Das
First published: March 29, 2020, 8:26 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি