আজি সন্ধিয়া ৫ বজাত হাত চাপৰি বজালে কি লাভ হ’ব? জানক ইয়াৰ বিষয়ে

News18 Assam | News18-Assam
Updated:March 22, 2020, 5:11 PM IST
আজি সন্ধিয়া ৫ বজাত হাত চাপৰি বজালে কি লাভ হ’ব? জানক ইয়াৰ বিষয়ে
বৈজ্ঞানিক দৃষ্টিভংগীৰে চালে ইয়াক ধ্বনি চিকিৎসা কোৱা হয়।

বৈজ্ঞানিক দৃষ্টিভংগীৰে চালে ইয়াক ধ্বনি চিকিৎসা কোৱা হয়।

  • Share this:
কোৰোণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে আজি সমগ্ৰ দেশতে পালন কৰা হৈছে জনতা কাৰফিউ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানত দেশৰ সকলো নাগৰিকে সঁহাৰি জনাই সহযোগিতা আগবঢ়াইছে জনতা কাৰফিউলৈ। মোদীৰ আহ্বানত সকলো লোকে নিজৰ ঘৰৰ পৰা বাহিৰলৈ ওলাই বা বেলকনি, ছাদৰ পৰা হাত চাপৰি বজাব।

প্ৰধানমন্ত্ৰীৰ এই আহ্বানৰ পিছতে ছচিয়েল মিডিয়াত বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া দেখা গৈছে। বহু লোকে প্ৰশ্ন কৰিছে যে হাত চাপৰি বা ঘণ্টা আদিৰ সৈতে কোৰোণাৰ কি সম্পৰ্ক? যদি আপোনাৰ মনতো তেনে প্ৰশ্নৰ উদয় হৈছে তেন্তে আমি সেই প্ৰশ্নৰ উত্তৰ দিবলৈ ওলাইছো।

আত্মবিশ্বাস

এই কথাটো এনেভাৱে বুজি ল’ব পাৰে যে কোনো শত্ৰুৰ বিৰুদ্ধে জয়ী হোৱাৰ পিছত প্ৰথমে উদ্দেশ্য মজবুত কৰা হয়। কোৰোণা ভাইৰাছৰ বিৰুদ্ধে ভাৰতবাসী এক হোৱা প্ৰয়োজন। হাত চাপৰি বজোৱাতো এক উৎসাহ হিচাপে ধৰা হয়। ই আত্মবিশ্বাস দৃঢ় কৰে।

হাত চাপৰি বজোৱাৰ লাভ
– হাত চাপৰি বজালে হাওঁফাওঁ, যকৃৎ, কিডনী, সৰু–বৰ অন্ত্ৰ আৰু হাতৰ আঙুলিত চাপ পৰে। ইয়াৰ দ্বাৰা শৰীৰৰ অংগসমূহত তেজৰ প্ৰবাহ বৃদ্ধি হয়।
– হাত চাপৰি বজালে ব্লাড প্ৰেছাৰ নিয়ন্ত্ৰণত সহায়ক হয়। মস্তিষ্ক শান্ত হৈ থাকে।

– অকুপ্ৰেছাৰ থেৰাপীৰ মতে, শৰীৰত ৩৪০ প্ৰেছাৰ বিন্দু থাকে। য’ত ২৯টা হাতত পোৱা যায়। চাপৰি বজালে এই সকলো বিন্দুত একেলগে চাপ পৰে আৰু শৰীৰ সুস্থ হৈ থাকে।
– চাপৰি বজালে শৰীৰত অক্সিজেনৰ প্ৰৱেশ ভাল হয়, হাওঁফাওঁ স্বাস্থ্যবান হয়।

বৈজ্ঞানিক দৃষ্টিভংগীৰে চালে ইয়াক ধ্বনি চিকিৎসা কোৱা হয়। বিজ্ঞানীসকলৰ মতে, চাপৰি বজালে এক বিশেষ ধৰণৰ শব্দ আৰু কম্পন হয় যিয়ে কোষসমূহ সক্ৰিয় কৰে। ইয়াৰ দ্বাৰা বহু বেমাৰৰ পৰা ৰক্ষা পাব পাৰি।
Published by: Sanjay Kumar Das
First published: March 22, 2020, 5:00 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading