• Home
  • »
  • News
  • »
  • coronavirus-latest-news
  • »
  • Fight Against Corona : কোৰোণা কালত দৰংবাসীৰ বদান্যতা। মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ প্ৰায় ৬ লাখ টকাৰ বৰঙণি।

Fight Against Corona : কোৰোণা কালত দৰংবাসীৰ বদান্যতা। মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ প্ৰায় ৬ লাখ টকাৰ বৰঙণি।

SRD গ্ৰুপে ২ লাখ, মঙলদৈ বণিক সন্থাই ১ লাখ, দৰঙৰ উপায়ুক্তৰ কাৰ্যালয়ৰ বিষয়াই ৬৫ হাজাৰ টকা বৰঙণি দিয়ে।

SRD গ্ৰুপে ২ লাখ, মঙলদৈ বণিক সন্থাই ১ লাখ, দৰঙৰ উপায়ুক্তৰ কাৰ্যালয়ৰ বিষয়াই ৬৫ হাজাৰ টকা বৰঙণি দিয়ে।

SRD গ্ৰুপে ২ লাখ, মঙলদৈ বণিক সন্থাই ১ লাখ, দৰঙৰ উপায়ুক্তৰ কাৰ্যালয়ৰ বিষয়াই ৬৫ হাজাৰ টকা বৰঙণি দিয়ে।

  • Share this:
সম্প্ৰতি সমগ্ৰ বিশ্বৰ লগতে অসমতো ভয়াবহ ৰূপ ধাৰণ কৰা ক'ভিড-১৯ মহামাৰী প্ৰতিৰোধৰ বাবে ভেকচিন প্ৰদান কাৰ্যসূচীত জনসাধাৰণক জড়িত হ'বলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জনাইছিল আহ্বান। মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সহাৰি জনাই দৰং জিলাৰ বিভিন্ন সংগঠন , উপায়ুক্তৰ কাৰ্যালয়ৰ বিষয়া আৰু বিশিষ্ট ব্যক্তিয়ে  উপায়ুক্তৰ ওচৰত মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ প্ৰায় ৬ লাখ টকাৰ বৰঙণি প্ৰদান কৰে ।

আংশিক লকডাউনৰ ফলত যথেষ্ট লোকচানৰ সন্মুখীন হ'ব লগা হৈছে ব্যৱসায়ীসকল। তাৰ পাছতো জিলাখনৰ ব্যৱসায়ী সকলে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বৰঙণি আগবঢ়াই মহানুভৱতাৰ পৰিচয় দিছে। উক্ত অনুষ্ঠানৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ সাহাৰ্য  পুঁজিলৈ SRD গ্ৰুপে ২ লাখ, মঙলদৈ বণিক সন্থাই ১ লাখ, দৰঙৰ উপায়ুক্তৰ কাৰ্যালয়ৰ বিষয়াই ৬৫ হাজাৰ, মঙলদৈ সনাতন ধৰ্ম সভাই ১০ হাজাৰ, মঙলদৈ নগৰ সমবায় বেংকে ২০ হাজাৰ, খাৰুপেটীয়া পাইকাৰী গেলামাল সন্থাই ২৫ হাজাৰ, খাৰুপেটীয়া ৰাইচ মিল সন্থাই ১৫ হাজাৰ, ৰামকৃষ্ণ কটেজ ইণ্ডাষ্ট্ৰীয়ে ১১ হাজাৰ, খাৰুপেটীয়া বিনায়ক উদ্যোগে ১১ হাজাৰ, বিশিষ্ট ব্যৱসায়ী সঞ্জয় আগৰৱালাই ৪০ হাজাৰ, মহেন্দ্ৰ জৈনে ১১ হাজাৰ, হনুমান অইল ইণ্ডাষ্ট্ৰীয়ে ১১ হাজাৰ, খাৰুপেটীয়া অইল মিল আৰু হীৰা চক্ৰৱৰ্তীয়ে ৩ হাজাৰ টকাকৈ বৰঙণি আগবঢ়ায় । লগতে SRD GROUP ৰ ফালৰ পৰা মাস্ক, চেনিটাইজাৰ, আৰু পি পি কিট প্ৰদান কৰে জিলা প্ৰশাসনক।

উল্লেখ্য যে জিলা খনৰ বিভিন্ন অনুষ্ঠান , সংগঠনৰ প্ৰতিনিধিৰ উপস্থিতিত দৰঙৰ অতিৰিক্ত উপাযুক্ত পংকজ কুমাৰ ডেকাৰ সঞ্চালনাত অনুষ্ঠিত সাহাৰ্য প্ৰদান অনুষ্ঠানত অতিৰিক্ত উপায়ুক্তদ্বয় ক্ৰমে সঞ্জীৱ কুমাৰ বৰা আৰু পল্লবী কছাৰী, মঙলদৈ পৌৰসভাৰ কাৰ্যবাহী বিষয়া কমলজিৎ শৰ্মা, সহায়ক আয়ুক্ত মণিকা বৰগোহাঁই, সীমান্ত বসুমতাৰী, ৰিণি হাজৰিকা, কাশ্যপী কাশ্যপ, মঙলদৈৰ বিশিষ্ট উদ্যোগপতি মুকুল চন্দ্ৰ ডেকা মঙলদৈ সনাতন ধৰ্ম সভাৰ সভাপতি তথা মঙলদৈ নগৰ সমবায় বেংকৰ সভাপতি হৰিৰাম চহৰীয়া, দৰং জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি ৰাজেন্দ্ৰ নাথ হাজৰিকা আৰু সাধাৰণ সম্পাদক কুলেন চন্দ্ৰ ডেকা, এচ. আৰ.ডিৰ সঞ্চালক সম্ৰাট ডেকা, বিশিষ্ট ব্যৱসায়ী কিৰিতি বৰা আদি উপস্থিত থাকে।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি