কোৰোণা ভাইৰাছত আক্ৰান্ত হোৱা আমেৰিকাৰ পৰ্যটকৰ সংগীৰ দেহতো এতিয়া ক’ৰোণা ভাইৰাছৰ অৱস্থিতি। প্ৰায় দুসপ্তাহ পূৰ্বে ভূটানৰ বিমানবন্দৰত ক’ৰোণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছিল অসমলৈ অহা আমেৰিকাৰ পৰ্যটকজনৰ দেহত।
উল্লেখযোগ্য যে, আমেৰিকাৰ পৰা অহা লোকজনে অসমত প্ৰায় এসপ্তাহ সময় কটাইছিল। অসমৰ বিভিন্ন পৰ্যটনস্থলী পৰিদৰ্শন কৰাৰ লগতে নদী পথেৰে যোৰহাটৰ পৰা গুৱাহাটীলৈ গৈছিল। ভ্ৰমণৰ সময়ত পৰ্যটকগৰাকীক সংগ দিছিল তেওঁৰ মহিলাগৰাকীয়ে।
কিন্তু অসমৰ পৰা ভূটানলৈ যোৱাৰ সময়তে লোকজনৰ দেহত ধৰা পৰিছিল ক’ৰোণা ভাইৰাছৰ অৱস্থিতি। এতিয়া প্ৰায় দুসপ্তাহৰ পিছত পৰ্যটকজনৰ প্ৰেয়সীৰ দেহতো ধৰা পৰিছে ক’ৰোণা ভাইৰাছ। এই কথা জনাইছে অসমৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|