মুখ্যপৃষ্ঠা » খবৰ

» Corona

»Coronavirus in India: ভাৰতত কোৰোণাৰ সংহাৰে ল'ব আৰু অধিক ভয়ংকৰ ৰূপ ! মৃত্যুৰ সংখ্যা দুগুণ হোৱাৰ আশংকা ! গৱেষণাত ভয়ংকৰ তথ্য...

Coronavirus in India: ভাৰতত কোৰোণাৰ সংহাৰে ল'ব আৰু অধিক ভয়ংকৰ ৰূপ ! মৃত্যুৰ সংখ্যা দুগুণ হোৱাৰ আশংকা ! গৱেষণাত ভয়ংকৰ তথ্য...

News18 Assam | News18-Assam
Updated:May 6, 2021, 9:54 AM IST
Coronavirus in India: ভাৰতত কোৰোণাৰ সংহাৰে ল'ব আৰু অধিক ভয়ংকৰ ৰূপ ! মৃত্যুৰ সংখ্যা দুগুণ হোৱাৰ আশংকা ! গৱেষণাত ভয়ংকৰ তথ্য...
Coronavirus in India: বহু গৱেষণাই ভাৰতৰ কোৰোণা পৰিস্থিতি আৰু অধিক ভয়াৱহ হৈ উঠাৰ আশংকা ব্যক্ত কৰিছে ।

Coronavirus in India: বহু গৱেষণাই ভাৰতৰ কোৰোণা পৰিস্থিতি আৰু অধিক ভয়াৱহ হৈ উঠাৰ আশংকা ব্যক্ত কৰিছে ।

  • Share this:
ভাৰতত কোৰোণাৰ দ্বিতীয় ঢৌৱে লৈছে এক ভয়ংকৰ ৰূপ । প্ৰতিদিনে দেশত পোহৰলৈ অহা কোৰোণা ভাইৰাছ সংক্ৰমণৰ নতুন ঘটনাই আচৰিত কৰি তুলিছে দেশবাসীৰ লগতে বিশ্ববাসীকো । এফালে সংক্ৰমণৰ হাৰ বৃদ্ধি আৰু আনফালে দৈনন্দিন সংক্ৰমণৰ ফলত হোৱা মৃত্যুৰ ঘটনায়ো পৰিস্থিতি উদ্বেগজনক কৰি তুলিছে । যাৰ ফলত এতিয়া প্ৰায় সম্পূৰ্ণ লকডাউনৰ দিশে আগবাঢ়িছে ভাৰত ।

দেশৰ এনে ভয়ংকৰ পৰিস্থিতিৰ মাজতে আহিছে আন কিছু ভয়ংকৰ খবৰ । কিছুমান প্ৰতিবেদন আৰু গৱেষণাৰ মতে অনাগত দিনত ভাৰতৰ পৰিস্থিতি আৰু অধিক বিপদজনক হৈ উঠাৰ আশংকা কৰা হৈছে । লগতে কোৰোণা সংক্ৰমণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যাও দুগুণ হোৱাৰ আশংকা কৰা হৈছে গৱেষণাত ।

লক্ষ্যণীয় যে মঙলবাৰৰ দিনটোত দেশত লাভ কৰা কোৰোণা ভাইৰাছ সংক্ৰমণৰ ৩,৮২,৩১৫ টা নতুন ঘটনাৰ ভিতৰত ৭১ শতাংশ ঘটনাই হৈছে মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ আৰু দিল্লীকে ধৰি ১০ খন ৰাজ্যৰ পৰা অহা । কোভিড১৯ মহামাৰীৰ দ্বিতীয় প্ৰলয়ংকৰী ঢৌৰ কৱলত ককবকাই থকা দেশত চিকিৎসাধীন কোভিড আক্ৰান্ত ৰোগীৰ সংখ্যাও ৩৪,৮৭,২২৯ লৈ বৃদ্ধি হৈছে । যি মুঠ সংক্ৰমিত ঘটনাৰ ১৬.৮৭ শতাংশ । ইপিনে দেশত এদিনতে কোভিডত সংক্ৰমিত হৈ এদিনতে প্ৰায় ৪হাজাৰ লোকৰ মৃত্যু হৈছে।

সেয়েহে বাংগালুৰুস্থিত ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানে এই সম্পৰ্কত আশংকা ব্যক্ত কৰিছে যে যদিহে দেশত কোৰোণাৰ ফলত মৃত্যু হোৱা লোকৰ গতি একে থাকে, তেন্তে ১১ জুনৰ ভিতৰত দেশত কোৰোণাৰ পৰা মৃত্যুৰ সংখ্যা ৪,০৪,০০০তকৈ অধিক হ'ব পাৰে । ৱাশ্বিংটন স্থিত ইনষ্টিটিউট ফৰ হেল্থ মেট্ৰিক্স এণ্ড ইভেল্যুৱেচনৰ মতে, ভাৰতত জুলাইৰ শেষৰ ফালে কোৰোণাৰ সংক্ৰমণৰ ফলত মৃত্যুৰ সংখ্যাই ১০ লাখৰ ঘৰ অতিক্ৰম কৰিব পাৰে।

আনফালে ব্লুমবাৰ্গৰ প্ৰতিবেদনত কোৱা হৈছে যে ভাৰতৰ দৰে ঘন বসতিপূৰ্ণ দেশত কোৰোণা সংক্ৰমণৰ ঘটনাৰ পূৰ্বানুমান কৰা সহজ নহয়। ভাৰতত কোৰোণা পৰীক্ষা আৰু সামাজিক দূৰত্ব বৃদ্ধি কৰাৰ প্ৰয়োজন আছে । অনাগত কেইটামান মাহৰ ভিতৰত কোৰোণা সংক্ৰমণত মৃত্যু হোৱা লোকৰ সংখ্যাৰ ক্ষেত্ৰত ভাৰত বিশ্বৰ সকলো দেশৰ ভিতৰতে শীৰ্ষস্থানত উপনিত হ'ব পাৰে । য'ত সম্প্ৰতি ৫,৭৮,০০০ মৃত্যুৰ সৈতে শীৰ্ষস্থানত আছে আমেৰিকা যুক্তৰাষ্ট্ৰ ।

ব্ৰাউন ইউনিভাৰ্চিটি স্কুল অৱ হেল্থৰ অধ্যক্ষ আশীষ ঝাৰ মতে, পৰৱৰ্তী ৪ৰ পৰা ৬ সপ্তাহ ভাৰতৰ বাবে অত্যন্ত কঠিন হৈ পৰিব । তেওঁ লগতে কয় যে তেনেস্থলত এই ঢৌক কেনেদৰে সীমিত কৰিম, সেয়া আমাৰ সন্মুখত সকলোতকৈ ডাঙৰ প্ৰত্যাহ্বান ।
Published by: Kokil Sarma
First published: May 6, 2021, 9:54 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি