মুখ্যপৃষ্ঠা » খবৰ

» Corona

»গ্ৰাম্য অঞ্চলৰ Covid ৰোগীৰ সহায়ৰ বাবে আৰম্ভ "Oxygen On Wheels" কাৰ্যসূচীৰ, কেনেকৈ ৰোগীয়ে লাভ কৰিব এই সুবিধা ?

গ্ৰাম্য অঞ্চলৰ Covid ৰোগীৰ সহায়ৰ বাবে আৰম্ভ "Oxygen On Wheels" কাৰ্যসূচীৰ, কেনেকৈ ৰোগীয়ে লাভ কৰিব এই সুবিধা ?

News18 Assam | News18-Assam
Updated:May 19, 2021, 3:40 PM IST
গ্ৰাম্য অঞ্চলৰ Covid ৰোগীৰ সহায়ৰ বাবে আৰম্ভ
"Oxygen On Wheels" কাৰ্যসূচীৰ এই সুবিধা বিনামূলীয়া হ'ব আৰু ডি-টাইপ চিলিণ্ডাৰৰ জৰিয়তে এলেকা দ্ৰুত সঁহাৰি দলৰ পৰামৰ্শ অনুসৰি আৰম্ভণিতে চাৰি দিনৰ বাবে উপলব্ধ হ'ব এই অক্সিজেন চিলিণ্ডাৰ ।

"Oxygen On Wheels" কাৰ্যসূচীৰ এই সুবিধা বিনামূলীয়া হ'ব আৰু ডি-টাইপ চিলিণ্ডাৰৰ জৰিয়তে এলেকা দ্ৰুত সঁহাৰি দলৰ পৰামৰ্শ অনুসৰি আৰম্ভণিতে চাৰি দিনৰ বাবে উপলব্ধ হ'ব এই অক্সিজেন চিলিণ্ডাৰ ।

  • Share this:
দেশত চলি থকা কোৰোণা সংহাৰৰ মাজতে গ্ৰাম্য অঞ্চলত Covid-১৯ ৰ ঘটনাৰ সংক্ৰমণ নিয়ন্ত্ৰণৰ বাবে মথুৰাত আৰম্ভ কৰা হৈছে "Oxygen On Wheels" কাৰ্যসূচীৰ । জীৱন ৰক্ষাকাৰী অক্সিজেন গেছৰ দ্ৰুত যোগানৰ বাবে মঙলবাৰে জিলাখনত এই কাৰ্যসূচীৰ উদ্বোধন কৰা হয়। মঙলবাৰে ৰাতিপুৱাৰ পৰাই গ্ৰাম্যাঞ্চলত বসবাস কৰা দৰিদ্ৰ লোকসকলৰ বাবে অক্সিজেন যোগান নিশ্চিত কৰিবলৈ খণ্ড মুখ্য কাৰ্যালয়লৈ প্ৰেৰণ কৰা হয় অক্সিজেন চিলিণ্ডাৰ ভৰ্তি বাহন ।

ইয়াৰ দ্বাৰা কেৱল মথুৰাৰ গ্ৰাম্য অঞ্চলত কোভিড-১৯ৰ সংক্ৰমণ বৃদ্ধি হ্ৰাস কৰাই নহয়, মৃত্যুৰ হাৰো হ্ৰাস কৰাৰ চেষ্টা চলোৱা হ'ব । ১০ টা খণ্ড মুখ্য কাৰ্যালয় আৰু পৌৰ নিগমৰ সীমাৰ অধীনত থকা দুটা অঞ্চললৈ বাহনসমূহৰ উদ্বোধন কৰি এনেদৰে কয় উত্তৰ প্ৰদেশৰ এজন জ্যেষ্ঠ চৰকাৰী বিষয়া আৰু মথুৰাৰ কোভিড-১৯ৰ নোডেল বিষয়া ময়ুৰ মহেশ্বৰীয়ে । লগতে ৰাজ্য চৰকাৰে অঞ্চলত কোভিড-১৯ৰ সংক্ৰমণ নিয়ন্ত্ৰণ কৰাত অধিক গুৰুত্ব আৰোপ কৰিছে বুলিও উল্লেখ কৰে মহেশ্বৰীয়ে ।

ইপিনে কোভিডৰ এই সময় সঞ্জীৱনী অক্সিজেন গেছৰ বাবে জিলা প্ৰশাসনে গ্ৰহণ কৰা এনে কাৰ্যসূচীৰ বাবে প্ৰশাসনক প্ৰশংসা কৰে মহেশ্বৰীয়ে । আনফালে জনহিতকৰ উদ্যোগপতিসকলৰ সহযোগত ৰূপায়ণ কৰা এই আঁচনিখনৰ বাবে ৰোগীসকলৰ পৰিয়ালৰ সদস্যসকলে মথুৰাৰ ইণ্টিগ্ৰেটেড কণ্ট্ৰোল এণ্ড কমাণ্ড চেণ্টাৰৰ সৈতে যোগাযোগ কৰিব লাগিব আৰু প্ৰয়োজনীয় অক্সিজেন চিলিণ্ডাৰ দুঘণ্টাৰ ভিতৰত তেওঁলোকৰ ওচৰত উপস্থিত হ'ব বুলি উল্লেখ কৰে জিলা দণ্ডাধীশ নৱনীত সিং চাহালে ।

"Oxygen On Wheels" কাৰ্যসূচীৰ এই সুবিধা বিনামূলীয়া হ'ব আৰু ডি-টাইপ চিলিণ্ডাৰৰ জৰিয়তে এলেকা দ্ৰুত সঁহাৰি দলৰ পৰামৰ্শ অনুসৰি আৰম্ভণিতে চাৰি দিনৰ বাবে উপলব্ধ হ'ব এই অক্সিজেন চিলিণ্ডাৰ । অৱশ্যে প্ৰয়োজনীয়তালৈ লক্ষ্য ৰাখি ইয়াক আৰু তিনিটা দিনৰ বাবে সম্প্ৰসাৰিত কৰা হ'ব পাৰে বুলিও কয় বিষয়াসকলে ।
Published by: Kokil Sarma
First published: May 19, 2021, 3:40 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি