দেশৰ অন্যতম বিখ্যাত পৰ্যটন স্থলী গোৱাত আক্ৰান্তৰ হাৰ ২১ এপ্ৰিলৰ পৰা ৪ মে'ৰ ভিতৰত ৪১ শতাংশত উপনীত হৈছে।
দেশৰ অন্যতম বিখ্যাত পৰ্যটন স্থলী গোৱাত আক্ৰান্তৰ হাৰ ২১ এপ্ৰিলৰ পৰা ৪ মে'ৰ ভিতৰত ৪১ শতাংশত উপনীত হৈছে।
দেশৰ ক'ভিড-১৯ পৰিস্থিতি দিনক দিনে অৱনতি হৈ আহিছে। বৰ্ধিত আক্ৰান্তৰ হাৰেও সংক্ৰমণ আৰু মৃত্যুৰ পৰিসংখ্যাৰ পিছত উদ্বেগ বৃদ্ধি কৰিছে। দেশৰ অন্যতম বিখ্যাত পৰ্যটন স্থলী গোৱাত আক্ৰান্তৰ হাৰ ২১ এপ্ৰিলৰ পৰা ৪ মে'ৰ ভিতৰত ৪১ শতাংশত উপনীত হৈছে। কেৱল সেয়াই নহয়, ৰাজধানী দিল্লীকে ধৰি দেশৰ কমেও ১৩ খন ৰাজ্যৰ আক্ৰান্তৰ হাৰ আছিল ২১ শতাংশতকৈও অধিক।
ইংৰাজী বাতৰি কাকত দ্য টাইমছ অৱ ইণ্ডিয়াৰ এক প্ৰতিবেদন অনুসৰি, এক পষেকত (২১ এপ্ৰিলৰ পৰা ৪ মে) ৰেকৰ্ড কৰা তথ্যই দেখুৱাইছে যে গোৱাৰ আক্ৰান্তৰ হাৰ অভিলেখ ৪১ শতাংশ আছিল। তদুপৰি, দিল্লীত এই হাৰ নিৰন্তৰ বৃদ্ধি হৈ আছে। ইয়াত ৮ ৰ পৰা ২১ এপ্ৰিলৰ ভিতৰত হাৰ আছিল ১৯ শতাংশ। যিটো ২১ এপ্ৰিলৰ পৰা ৪ মে'ৰ ভিতৰত ৩২ শতাংশলৈ বৃদ্ধি পাইছিল। মাৰ্চত কেৱল এখন ৰাজ্য আছিল যি ৭ শতাংশ আক্ৰান্তৰ হাৰ অতিক্ৰম কৰিছিল।
গোৱা আৰু দিল্লীৰ পিছত পশ্চিমবংগ আটাইতকৈ বেছি প্ৰভাৱিত হৈছে। ২১ এপ্ৰিলৰ পৰা ৪ মে'ৰ ভিতৰত ইয়াত আক্ৰান্তৰ হাৰ ৩০ শতাংশ আছিল। আনহাতে, মাৰ্চ মাহত, য'ত দেশৰ এইবোৰ ঠাইত আক্ৰান্তৰ হাৰ আছিল ৩-৪ শতাংশ। যোৱা দুটা পষেকত ই ১৫ ৰ পৰা ২১ শতাংশলৈ বৃদ্ধি পাইছে। টি.ও.আই.-ৰ মতে, এই পৰিসংখ্যাবোৰে পৰীক্ষা, অনুসৰণ আৰু চিকিৎসাৰ অভাৱৰ ফালে আঙুলিয়াই দিছে।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|