মাজুলী জিলা প্ৰশাসন আৰু সমাজ কল্যাণ বিভাগৰ প্ৰশংসনীয় পদক্ষেপ।  দিব্যাংগসকলৰ বাবে কোৰোণা ভেকচিনৰ বিশেষ শিবিৰ ।

News18 Assam | News18-Assam
Updated:June 10, 2021, 9:38 PM IST
মাজুলী জিলা প্ৰশাসন আৰু সমাজ কল্যাণ বিভাগৰ প্ৰশংসনীয় পদক্ষেপ।  দিব্যাংগসকলৰ বাবে কোৰোণা ভেকচিনৰ বিশেষ শিবিৰ ।
মাজুলীৰ  গড়মূৰ, চিলাকলা, কমলাবাৰী, পকাজৰা, ৰঙাচাহি আদি স্থানৰ এশগৰাকী লোকক কোভিড প্ৰতিষেধক প্ৰদান কৰা হয়। 

মাজুলীৰ  গড়মূৰ, চিলাকলা, কমলাবাৰী, পকাজৰা, ৰঙাচাহি আদি স্থানৰ এশগৰাকী লোকক কোভিড প্ৰতিষেধক প্ৰদান কৰা হয়। 

  • Share this:
সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰা কোভিড মহামাৰীৰ দ্বিতীয় ঢৌৰ লগত যুজিবৰ বাবে সকলোৱে প্ৰতিষেধক লোৱাটো জৰুৰী হৈ পৰিছে । সকলো সচেতন লোকেই এই কোভিডৰ পৰা বাছি থাকিবলৈ অনলাইন বুকিং কৰিয়ে হওক বা চৰকাৰ প্ৰশাসনে আয়োজন কৰি দিয়া বিভিন্ন স্থানত প্ৰতিষেধক লৈছে । কিন্তু আমাৰ মাজৰে সমাজৰ এক এৰাব নোৱাৰা অংশ দিব্যাংগ  লোকসকল  হয়তো কিছু কিছু স্থানত এই প্ৰতিষেধকৰ পৰা বঞ্চিত হৈয়ে ৰৈছে । তেনে এক ধাৰণা কৰিয়ে মাজুলী জিলা প্ৰশাসন আৰু জিলা সমাজ কল্যাণ বিভাগে দিব্যাংগ সকলক নিজা উদ্যোগত কোৰোণা ভেকচিন দিয়াৰ বাবে এক বিশেষ শিবিৰ অনুষ্ঠিত কৰে বুধবাৰে ।

মাজুলী জিলাৰ সদৰ গড়মূৰত থকা শ্ৰী শ্ৰী পীতাম্বৰ দেৱ উচ্চ মাধ্যমিক বিদ্যালয়ত ৫ খন পঞ্চায়তৰ ১৮ বছৰ উৰ্দ্ধৰ শতাধিক দিব্যাংগ ব্যক্তিক কোৰোণাৰ প্ৰথম পালি ভেকচিন প্ৰদান কৰ হয়। মাজুলীৰ  গড়মূৰ, চিলাকলা, কমলাবাৰী, পকাজৰা, ৰঙাচাহি আদি স্থানৰ এই সকল দিব্যাংগ ব্যক্তি সমাজৰ অন্য স্তৰৰ লোকৰ সমানে কভিড যুদ্ধ খনত যুজিবলৈ আৰু জিকিবলৈ মাজুলী জিলা প্ৰশাসনে সমাজ কল্যাণ বিভাগৰ সহযোগত এক প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰে ।

অন্যহাতে যিসকল দিব্যাংগ লোক ঘৰৰ পৰা নিজে অহাৰ কোনো সুবিধা নাই সেই সকলক সমাজ কল্যাণ বিভাগৰ নিজা গাড়ীৰে ঘৰৰ পৰা অনা আৰু পুনৰ ঘৰত থোৱাৰো দিহা কৰে। দিব্যাংগসকলৰ বাবে অনুষ্ঠিত কৰা এই শিবিৰত অঞ্চলটোৰ মুঠ এশগৰাকী লোকক কোভিড প্ৰতিষেধক প্ৰদান কৰা হয় ।
Published by: Manjumoni Borah
First published: June 10, 2021, 9:38 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি