• Home
  • »
  • News
  • »
  • coronavirus-latest-news
  • »
  • দেশত ক'ৰোনাৰ আতংক অব্যাহত, ২৪ ঘণ্টাত আঢ়ৈ লাখৰো অধিক আক্ৰান্তৰ ঘটনা

দেশত ক'ৰোনাৰ আতংক অব্যাহত, ২৪ ঘণ্টাত আঢ়ৈ লাখৰো অধিক আক্ৰান্তৰ ঘটনা

Source-Google

Source-Google

দেশত যোৱা ২৪ ঘণ্টাত ২,৫৯,১৭০ টা নতুন আক্ৰান্তৰ ঘটনা আৰু ১৭৬১ জনৰ মৃত্যু হোৱাৰ বাতৰি।

  • Share this:
দেশত ক'ৰোনা সংক্ৰমণৰ ঘটনা বন্ধ হোৱা নাই, বিপৰীতে দিনে দিনে আক্ৰান্তৰ সংখ্যা বাঢ়ি গৈ আছে। ভাৰতত বিগত ২৪ ঘণ্টাত ২.৫ লাখতকৈও অধিক কৰোনা সংক্ৰমণৰ ঘটনা আৰু ১৫০০ ৰো অধিক লোকৰ মৃত্যু হোৱাৰ খবৰ।

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে দেশত যোৱা ২৪ ঘণ্টাত ২,৫৯,১৭০ টা নতুন আক্ৰান্তৰ ঘটনা আৰু ১৭৬১ জনৰ মৃত্যু হোৱাৰ বাতৰি দিছে। নতুন ঘটনা অহাৰ পিছত মঙলবাৰে সক্ৰিয় আক্ৰান্তৰ সংখ্যা ১,০২,৬৪৮জনলৈ বৃদ্ধি হয়। বৰ্তমান ভাৰতত ২০,৩১,৯৭৭ জন সক্ৰিয় ক'ৰোনা আক্ৰান্ত ৰোগী আছে। বিগত ২৪ ঘণ্টাত ১,৫৪,৭৬১ জন লোক আৰোগ্য হয়। দেশত কৰোনাৰ ফলত মৃত্যুৰ সংখ্যা এতিয়ালৈকে ১,৮০, ৫৩০ ত উপনীত হৈছে। Mohfwৰ মতে, এতিয়ালৈকে দেশত মুঠ ক'ভিড আক্ৰান্তৰ সংখ্যা হৈছে ১,৫৩,২১,০৮৯।
Published by:Kokil Sarma
First published: