কাল কোৰোণাত মৃত্যু "মৎস্য গন্ধা"ৰ। এজন যুৱকৰ জীৱন সংগ্ৰামক সংহাৰি নিলে কোৰোণাৰ প্ৰকোপে।

News18 Assam | News18-Assam
Updated:June 8, 2021, 11:45 AM IST
কাল কোৰোণাত মৃত্যু
বিজ্ঞান সন্মত পদ্ধতিৰে আলংকাৰিক মৎস্য পালেেনৰে নিজে স্বাৱলম্বী হোৱাৰ লগতে ৫০ জনতকৈ অধিক যুৱক যুৱতীক কৰ্ম সংস্থাপন দিবলৈ সক্ষম হৈছিল পাৰ্থ ৰথী।

বিজ্ঞান সন্মত পদ্ধতিৰে আলংকাৰিক মৎস্য পালেেনৰে নিজে স্বাৱলম্বী হোৱাৰ লগতে ৫০ জনতকৈ অধিক যুৱক যুৱতীক কৰ্ম সংস্থাপন দিবলৈ সক্ষম হৈছিল পাৰ্থ ৰথী।

  • Share this:
ধিঙৰ পাৰ্থ ৰথী হাজৰিকা নামৰ এজন উদ্যমী যুৱকৰ জীৱনলৈ ক'ৰোনাই নমাই আনিলে অমানিশা। চৰকাৰী অৰ্থ সাহায্যৰে যুৱক জনে ২০১৭ চনত "মৎস্য গন্ধা" নামেৰে অলংকাৰীক মৎস্য পালনৰ এক মীন পাম স্থাপন কৰিছিল যুৱকজনে। বিজ্ঞান সন্মত পদ্ধতিৰে আলংকাৰিক মৎস্য পালন কৰি নিজে স্বাৱলম্বী হোৱাৰ লগতে আন ৫০ জনতকৈ অধিক যুৱক যুৱতীক কৰ্ম সংস্থাপন দিবলৈ সক্ষম হৈছিল।

কিন্তু ক'ৰোনাৰ দ্বিতীয়টো ঢৌত নিজেই ক'ৰোনাত আক্রান্ত হৈ চিকিৎসাধীন হ'বলগীয়া হয় যুৱকজন। কেৱল যুৱকজন নিজেই নহয় গাওঁ খনত বহু ব্যক্তি আক্ৰান্ত হৈছিল ক'ৰোনাত । যাৰ বাবেই প্ৰশাসনে গাঁওখনক কনটেইনমেন্ট জ'ন ঘোষনা কৰিছিল। প্ৰশাসনে গাঁওখনত কনটেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰাত মীন পাম খনৰ কৰ্মচাৰীসকল পাম খনলৈ আহিব নোৱাৰাত পাম খনৰ কেইবা লক্ষ্যাধিক টকাৰ আলংকাৰিক মাছ মৃত্যুৰ মুখত পৰে।

যুৱক জনে মিনি লকডাউনৰ মাত্ৰ কিছুদিন পূৰ্বে কলকাতাৰ পৰা প্ৰায় দুই লক্ষাধিক টকাৰ নানান ৰঙীন মাছ ক্ৰয় কৰি আনিছিল। কিন্তু সেই সকলোবোৰ মাছ লালন-পালনৰ অভাৱত মৃত্যু হয় ।

নগাঁও জিলাৰ এক মাত্ৰ" মৎস্য গন্ধা " নামৰ এই মীন পাম খনৰ অধীনস্থ আৰু ১৬টাকৈ ক্ষুদ্ৰ আলংকাৰিক মীন পাম আছে । কাল ক'ৰোনাৰ বাবেই আলংকাৰিক মীন পামৰ লগত জড়িত প্ৰায় অৰ্ধ শতাধিক যুৱক যুৱতীও ক্ষতিগ্রস্ত হয় । সেয়ে এই মীন পাম খনক পুনৰ জীৱিত কৰি উদ্যমী যুৱক জনৰ লগতে পামৰ লগত জড়িত আন পঞ্চাছ জন যুৱক যুৱতীৰ মুখত হাঁহি বিৰিঙাবলৈ চৰকাৰ তথা মীন বিভাগক আহ্বান ৰাইজৰ।
Published by: Manjumoni Borah
First published: June 8, 2021, 11:45 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি