Covid-19 : ফোনত কথা পাতি পাতি নাৰ্ছে মহিলাক এবাৰতে দিলে ক’ৰোনা ভেকচিনৰ দুটাকৈ ড’জ। তাৰ পিছত কি হ’ল ভূক্তভোগী মহিলাৰ?

কানপুৰত এগৰাকী মহিলাক এবাৰতে দিলে দুই পালি ক’ৰোনাৰ প্ৰতিষেধক। তদন্তৰ নিৰ্দেশ স্বাস্থ্য বিষয়াৰ।
কানপুৰত এগৰাকী মহিলাক এবাৰতে দিলে দুই পালি ক’ৰোনাৰ প্ৰতিষেধক। তদন্তৰ নিৰ্দেশ স্বাস্থ্য বিষয়াৰ।
- News18 Assam
- Last Updated: April 3, 2021, 10:57 PM IST
কৰ্তব্যৰত নাৰ্ছৰ গাফিলতিত হাহাকাৰৰ সন্মুখিন হৈছে এগৰাকী মহিলা। ক’ৰোনাৰ প্ৰতিষেধক ল’বলৈ আহিছিল চৰকাৰী স্বাস্থ্যকেন্দ্ৰলৈ। কিন্তু মোবাইলত কথা পতাত ব্যস্ত নাৰ্ছে এবাৰতে দুই ড’জ প্ৰতিষেধক দিলে মহিলাগৰাকীক।
এই ঘটনা হৈছে উত্তৰ প্ৰদেশৰ কানপুৰৰ মান্দোলি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত। কমলেশ কুমাৰী নামৰ এগৰাকী মহিলাই স্বাস্থ্যকেন্দ্ৰটোলৈ গৈছিল প্ৰতিষেধক ল’বলৈ। স্বাস্থ্যকেন্দ্ৰটোৰ অৰ্চনা নামৰ এগৰাকী ANM নাৰ্ছে কমলেশক ক’ৰোনাৰ প্ৰতিষেধক দি নিৰীক্ষণত ৰখাৰ বাবে কেন্দ্ৰটোতে কিছু সময় থাকিবলৈ কয়। তেতিয়াই কমলেশ কুমাৰীয়ে অভিযোগ কৰে যে মোবাইলত কথা পাতি পাতি নাৰ্ছগৰাকীয়ে তেওঁক দুই পালি প্ৰতিষেধক প্ৰদান কৰে। ফলক কমলেশে হাতত বিষ অনুভৱ কৰাৰ লগতে হাতখন ফুলি যোৱা বুলিও অভিযোগ কৰে।