Covid-19ক পৰাস্ত কৰিবলৈ এতিয়া দিনে নিশাই যুদ্ধ কৰিছে চিকিৎসকসকলে, প্ৰধানমন্ত্ৰীয়েও লৈছে শলাগ

প্ৰধানমন্ত্ৰীয়েও লৈছে শলাগ
কেইদিনমান পূৰ্বে ছচিয়েল মিডিয়াত ভাইৰেল হৈছিল ইটালীৰ কেইজনমান চিকিৎসক। ৰোগীক সেৱা আগবঢ়াই নিশা হাস্পতালৰ বাৰান্দাতে শুই পৰিছিল এদল চিকিৎসক। আনকি কেইজনমানক এখন টেবুলতে শুই পৰা দেখিবলৈ পোৱা গৈছিল।
ভাৰততো এতিয়া চিকিৎসক সকলে প্ৰতিদিনাই ক’ৰোণাত আক্ৰান্ত ৰোগী বা ক’ৰোণাৰ সন্দেহত চিকিৎসালয়ত ভৰ্তি হোৱা ৰোগীক সেৱা আগবঢ়াই আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও প্ৰতিদিনাই চিকিৎসকসকলৰ ত্যাগক সন্মান জনাই আহিছে। মাইক্ৰবায়’লজিষ্ট, পে’থলজিষ্ট, পেৰা মেডিকেল ষ্টাফ, নাৰ্চ, স্বাস্থ্য কৰ্মীৰ লগতে স্বাস্থ্য বিভাগৰ সকলো কৰ্মচাৰীকে বিশেষ ভাবে শলাগ লৈছে প্ৰধানমন্ত্ৰীয়ে।