মন্ত্ৰালয়ে দাবী কৰে যে ভেকচিন ল'লে মানুহৰ প্ৰজনন ক্ষমতা হ্ৰাস হোৱা দবী একেবাৰেই অমূলক আৰু অসত্য।
যি সময়ত কোৰোণা (Corona)ৰ বিৰুদ্ধে যুঁজিবলৈ দেশত মহা ভেকচিন (Vaccine) অভিযান আৰম্ভ হৈছে তেনে সময়তে দেশৰ বিভিন্ন প্ৰান্তত ভেকচিনক লৈ কিছুমান ভ্ৰান্ত ধাৰণা শিপাই পৰিছে। কোৰোণাৰ ভেকচিনক লৈ প্ৰচাৰ হৈ আছে বহু উৰা বাতৰি (Rumour)। ইয়াৰ ভিতৰত প্ৰধান হৈছে এই যে কোৰোণা ভেকচিন ল’লে হেনো কমে মানুহৰ প্ৰজনন ক্ষমতা (Fertility) ! এই ধাৰণাৰ বশৱৰ্তী হৈয়েই বহুতেই আজিও ভেকচিন লোৱাৰ পৰা বিৰত আছে।
আজি কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে এই ধাৰণাক সম্পূৰ্ণ মিছা আৰু ভিত্তিহীন বুলি ঘোষণা কৰিছে। মন্ত্ৰালয়ৰ দাবী এই ধাৰণাক লৈ এতিয়ালৈ কোনো ধৰণৰ বৈজ্ঞানিক প্ৰমাণ নাই। এই উৰা বাতৰিক মিছা আৰু ভিত্তিহীন আখ্যা দি মন্ত্ৰালয়ে কয় যে সকলো ধৰণৰ ভেকচিনেই প্ৰথমে জন্তু আৰু তাৰ পাছত মানৱ দেহত পৰীক্ষা কৰি সুৰক্ষাৰ সকলো দিশ নিশ্চিত হোৱাৰ অন্ততহে প্ৰয়োগৰ বাবে অনুমতি দিয়া হৈছে।
মন্ত্ৰালয়ে দাবী কৰে যে ভেকচিন ল'লে মানুহৰ প্ৰজনন ক্ষমতা হ্ৰাস হোৱা দবী একেবাৰেই অমূলক আৰু অসত্য। পুৰুষ বা মহিলা, যিয়েই নহওক ভেকচিন লোৱাৰ ফলত কাৰোৰেই যৌন ক্ষমতা কমি যোৱাৰ কোনো বৈজ্ঞানিক প্ৰমাণ নাই।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|