உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • coronavirus-latest-news
    • »
    • শিশুৰ বাবে বিপদজনক Coronaৰ তৃতীয় ঢৌ ! শিশুৰ চিকিৎসাৰ ক্ষেত্ৰত Remdesivir, CT Scanৰ লগতে ভিন্ন বিষয়ত স্বাস্থ্য মন্ত্ৰালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা...

    শিশুৰ বাবে বিপদজনক Coronaৰ তৃতীয় ঢৌ ! শিশুৰ চিকিৎসাৰ ক্ষেত্ৰত Remdesivir, CT Scanৰ লগতে ভিন্ন বিষয়ত স্বাস্থ্য মন্ত্ৰালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা...

    শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে শিশুসকলৰ কোৰোণা চিকিৎসাৰ ক্ষেত্ৰতো জাৰি কৰিছে গুৰুত্বপূৰ্ণ নিৰ্দেশনা। স্বাস্থ্য মন্ত্ৰালয়ে শিশুসকলৰ ক্ষেত্ৰত ৰেমডেচিভিৰ বেজী ব্যৱহাৰ নকৰিবলৈ পৰামৰ্শ দিছে।

    শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে শিশুসকলৰ কোৰোণা চিকিৎসাৰ ক্ষেত্ৰতো জাৰি কৰিছে গুৰুত্বপূৰ্ণ নিৰ্দেশনা। স্বাস্থ্য মন্ত্ৰালয়ে শিশুসকলৰ ক্ষেত্ৰত ৰেমডেচিভিৰ বেজী ব্যৱহাৰ নকৰিবলৈ পৰামৰ্শ দিছে।

    শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে শিশুসকলৰ কোৰোণা চিকিৎসাৰ ক্ষেত্ৰতো জাৰি কৰিছে গুৰুত্বপূৰ্ণ নিৰ্দেশনা। স্বাস্থ্য মন্ত্ৰালয়ে শিশুসকলৰ ক্ষেত্ৰত ৰেমডেচিভিৰ বেজী ব্যৱহাৰ নকৰিবলৈ পৰামৰ্শ দিছে।

    • Share this:
    কোৰোণা ভাইৰাছৰ দ্বিতীয় ঢৌ অব্যাহত থকাৰ সময়তে আহিবলগা তৃতীয় ঢৌ সম্পৰ্কে আৰম্ভ হৈছে চৰ্চা। বিশেষকৈ কোৰোণাৰ তৃতীয় ঢৌ (Covid-19 Third Wave) শিশুসকলৰ বাবে অত্যন্ত বিপদজনক হ'ব বুলি আশংকা কৰা হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত বিশ্বজুৰি আৰম্ভ হোৱা সচেতনতাৰ লগতে ভাৰত চৰকাৰে গ্ৰহণ কৰিছে ভিন্ন পদক্ষেপ। শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে শিশুসকলৰ কোৰোণা চিকিৎসাৰ ক্ষেত্ৰতো জাৰি কৰিছে গুৰুত্বপূৰ্ণ নিৰ্দেশনা। স্বাস্থ্য মন্ত্ৰালয়ে শিশুসকলৰ ক্ষেত্ৰত ৰেমডেচিভিৰ বেজী ব্যৱহাৰ নকৰিবলৈ পৰামৰ্শ দিছে।

    নিৰ্দেশনাৱলীত কোৱা হৈছে যে চিকিৎসাৰ সময়ত ষ্টেৰইডৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিয়াটো অতি গুৰুত্বপূৰ্ণ। ইয়াক সঠিক সময়ত আৰু সঠিক পৰিমাণত ব্যৱহাৰ কৰাটো অতি প্ৰয়োজনীয়। লগতে চিকিৎসকৰ পৰামৰ্শ অবিহনে ষ্টেৰইড ব্যৱহাৰ কোনোকাৰণতে কৰিব নালাগে।

    ভাবি-চিন্তি কৰক চিটিস্কেনৰ ব্যৱহাৰ

    কেন্দ্ৰীয় চৰকাৰে এই গাইডলাইনৰ লগতে সঠিক ভাৱে চিটিস্কেন ব্যৱহাৰ কৰিবলৈও পৰামৰ্শ দিছে। নিৰ্দেশনাৱলীত কোৱা হৈছে যে শিশুসকলক চিটিস্কেন কৰোতে চিকিৎসকসকল অত্যন্ত সংবেদনশীল হোৱা উচিত। আনহাতে, ৰেমডেচিভিৰ ইঞ্জেকচন সন্দৰ্ভত কোৱা হৈছে যে দক্ষতাৰ তথ্যৰ অভাৱৰ বাবে ইয়াক শিশুৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব নালাগে।

    বিশেষজ্ঞসকলে প্ৰকাশ কৰিছে আশংকা

    বিশেষজ্ঞসকলে আশংকা প্ৰকাশ কৰিছে যে কোৰোণাৰ তৃতীয় ঢৌ শিশুসকলৰ বাবে বিপদজনক ৰূপে প্ৰমাণিত হ'ব পাৰে। বিশেষজ্ঞসকলৰ মতে, দেশত কোৰোণাৰ প্ৰথম ঢৌৱে বৃদ্ধসকলৰ বাবে ভাবুকিৰ সৃষ্টি কৰিছিল আনহাতে দ্বিতীয় ঢৌ যুৱপ্ৰজন্মৰ বাবে বিপদজনক প্ৰমাণিত হৈছিল তেন্তে ক্ষেত্ৰত বিশেষজ্ঞসকলৰ মতে, কোৰোণাৰ তৃতীয় ঢৌ শিশুৰ বাবে মাৰাত্মক প্ৰমাণিত হ'ব পাৰে।

    ভেকচিন পৰীক্ষণৰ ক্ষেত্ৰত দিয়া হৈছে অনুমতি

    তৃতীয় ঢৌৰ পূৰ্বেই শিশুৰ টিকাকৰণৰ বাবেও গ্ৰহণ কৰা হৈছে প্ৰচেষ্টা। ভাৰতৰ থলুৱা ভেকচিন নিৰ্মাতা ভাৰত বায়'টেকক শিশুৰ ক্ষেত্ৰত পৰীক্ষণৰ অনুমতি দিয়া হৈছে। পৰীক্ষণটো ভাৰত বায়'টেকৰ দ্বাৰা ৫২৫ জন স্বেচ্ছাসেৱকৰ ওপৰত কৰা হ'ব। পৰীক্ষণটোত ২ জন ১৮ বছৰীয়া বয়সৰ কিশোৰকো সামৰি লোৱা হ'ব।

    উল্লেখ্য যে, বিগত কেইটামান দিন ধৰি দেশত নিম্নগামী হোৱা দেখা গৈছে কোৰোণা আক্ৰান্তৰ সংখ্যা। বুধবাৰৰ দিনত ক্ৰমাগতভাৱে ১ লাখৰ তলত লোক আক্ৰান্ত হৈছে কোভিডত। ৯২,৫৯৬ গৰাকী আক্ৰান্তৰ বিপৰীতে বুধবাৰৰ দিনটোত মৃত্যু হৈছে ২,২১৯ গৰাকী লোক। দেশত বৰ্তমানলৈকে ২৩ কোটিৰো অধিক লোকক ভেকচিন প্ৰদান সম্পন্ন হৈছে।
    Published by:Kokil Sarma
    First published: