দেশত অব্যাহত আছে কোৰোণাৰ বিভীষিকা। ৬০ দিনৰ ভিতৰত ১,৫৮৭ নিম্নতম দৈনিক মৃত্যুৰ হাৰে বিগত ২৪ ঘণ্টাত যেন অভিলেখ ৰচিছে ভাৰতত। আক্ৰান্তৰ হাৰৰ বিপৰীতে দৈনিক আৰোগ্য হোৱা লোকৰ হাৰো বৃদ্ধি পাইছে দেশত। বৰ্তমানেও দেশৰ বহুকেইখন ৰাজ্যত আংশিক অথবা সম্পূৰ্ণ লকডাউন অব্যাহত আছে। মাস্ক পৰিধান, চেনিটাইজাৰ ব্যৱহাৰ আৰু সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ ক্ষেত্ৰত চৰকাৰে জাৰি কৰিছে নিৰ্দেশনা।
যদিও ভাৰতে কোভিডৰ দ্বিতীয় ঢৌৰ প্ৰভাৱৰ পৰা মুক্ত হ'বলৈ যুঁজ অব্যাহত ৰাখিছে তেনে সময়তে কিন্তু বিশ্বৰ বহুকেইখন দেশে সম্পূৰ্ণৰূপে মুক্তি লাভ কৰিছে কোভিডৰ বিভীষিকাৰ পৰা। কেৱল মুক্তি লাভেই নহয় এইসমূহ দেশত আনকি মাস্ক পৰিধানো বাধ্যতামূলক হৈ থকা নাই। কোনবোৰ দেশে কোভিডৰ পৰা মুক্তিলাভ কৰি স্বাভাৱিক জীৱন-যাপনৰ দিশে আগবাঢ়িছে সেই সম্বন্ধে আজিৰ এই প্ৰতিবেদনত উল্লেখ কৰা হৈছে।
আমেৰিকা যুক্তৰাষ্ট্ৰ
মহামাৰীৰ পূৰ্বৰ স্বাভাৱিক জীৱনলৈ ঘূৰি অহা এখন দেশ হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ। বিগত মে' মাহত দেশখনৰ ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰই সম্পূৰ্ণৰূপে টিকাকৰণ কৰা লোকসকলৰ বাবে মাস্ক পিন্ধা নিৰ্দেশনা বন্ধ কৰে, যাৰ ফলত তেওঁলোকে ভিৰ হৈ থকা হাট-বজাৰ বা ঘৰৰ ভিতৰতো মাস্ক পিন্ধা বন্ধ কৰিব পাৰে। নতুন নিয়ম অনুসৰি, দুয়োটা ভেকচিন ড'জ গ্ৰহণ কৰা আমেৰিকান সকলে দৌৰা, খোজকঢ়া আৰু যিকোনো ধৰণৰ সমাৱেশত বা বাহিৰ মাস্ক পিন্ধাৰ কোনো প্ৰয়োজন নাই। সম্পূৰ্ণ টিকাকৰণ কৰা লোকসকলে অৱশ্যে বিমান, বাছ, ৰেল আৰু অন্যান্য ৰাজহুৱা পৰিবহণত মাস্ক পৰিধান কৰিব লাগিব। মাস্ক আঁতৰোৱা নিৰ্দেশনাটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ' বাইডেনৰ দ্বাৰা ঘোষণা কৰা হৈছিল যিয়ে ৰোজ গাৰ্ডেনত এক অনুষ্ঠানৰ সময়ত জনতাক মাস্কবিহীনভাৱে সম্বোধন কৰিছিল আৰু ঘোষণা কৰিছিল 'আজি আমেৰিকাৰ বাবে এক মহান দিন'।
চীন
চীন দেশে সফলতাৰে মাৰাত্মক ভাইৰাছতো পৰাস্ত কৰাৰ পিছত কোভিড-১৯ ৰ উতপত্তিস্থল এই দেশখন মাস্কমুক্ত হৈছিল। যদিও এসময়ত সকলো ৰাজহুৱা স্থানত মাস্ক পৰিধানৰ প্ৰয়োজন আছিল, কিন্তু চৰকাৰে এতিয়া কৈছে যে মানুহে বাহিৰত, ৰাজহুৱা সমাৱেশত বা ভাল বায়ু প্ৰবাহিত হৈ থকা ঠাইত মাস্ক পৰিধান কৰাৰ প্ৰয়োজন নাই। তথাপিও চিকিৎসালয় আৰু পৰিবহণ ব্যৱস্থাত দেশজুৰি লোকসকলৰ বাবে মাস্ক বাধ্যতামূলক কৰা হৈছে। নতুন নিৰ্দেশনাৱলীয়ে জ্বৰ বা শ্বাস-প্ৰশ্বাস সমস্যাৰ লক্ষণ থকা লোকসকলক বিবাহ, জন্মদিনৰ অনুষ্ঠান আৰু অন্যান্য পৰিয়ালৰ সমাৱেশত উপস্থিত থকাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰিছে। কোৰোণাৰ প্ৰাৰম্ভিক দিনবোৰত চীন আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত দেশবোৰৰ ভিতৰতেই শীৰ্ষত আছিল, কিন্তু চৰকাৰে কঠোৰ লকডাউনৰ দ্বাৰা পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছিল।
নিউজিলেণ্ড
যোৱা বছৰৰ পৰা প্ৰধানমন্ত্ৰী জেচিণ্ডা আৰ্ডাৰ্ণক কোভিড-১৯ মহামাৰীৰ সফল নিয়ন্ত্ৰণ আৰু দ্ৰুত আৰোগ্যৰ বাবে প্ৰশংসা কৰা হৈছে যাৰ ফলত দেশখন কম সময়ৰ ভিতৰতে মাস্কমুক্ত হৈ পৰিছে। দেশখনত মাত্ৰ ২,৬৫৮ টা কোভিড-১৯ সংক্ৰমণৰ ঘটনা আৰু ২৬ টা মৃত্যুৰ ঘটনা পোৱা হৈছে। মাত্ৰ কেইদিনমান আগতে অকলেণ্ডত এক সংগীতানুষ্ঠানৰ আয়োজন কৰা হৈছিল, য'ত সামাজিক দূৰত্ব আৰু মাস্কৰ প্ৰয়োজনীয়তা অবিহনে প্ৰায় ৫০,০০০ লোকে অংশগ্ৰহণ কৰিছিল।
ইজৰাইল
এপ্ৰিলত নিজকে কোভিড-১৯ মুক্ত ঘোষণা কৰা ইজৰাইল বিশ্বৰ প্ৰথম খন দেশ হিচাপে পৰিগণিত হয়। ইয়াৰ জনসংখ্যাৰ প্ৰায় ৭০ শতাংশই কোভিড ভেকচিন প্ৰাপ্ত কৰাৰ পিছতেই চৰকাৰে মাস্ক পিন্ধা বাধ্যতামূলক নিয়মটো আঁতৰাই দিছিল। দেশখনে ২৪ এপ্ৰিলৰ পৰা কোনো নতুন কোভিড-১৯ ঘটনাৰ প্ৰতিবেদন দিয়া নাই। এই বছৰৰ জানুৱাৰীৰ মাজভাগৰ দৰে শেহতীয়াকৈ বিশ্বত সৰ্বাধিক লোক কোভিড-১৯ত সংক্ৰমিত হোৱা দেশৰ ভিতৰতে উল্লেখযোগ্য আছিল ইজৰাইল। ইজৰাইলে সামগ্ৰিকভাৱে ৮,৩৯,০০০ কোভিড-১৯ সংক্ৰমণৰ ঘটনা আৰু মুঠ ৬,৩৯২ মৃত্যুৰ ঘটনা পঞ্জীয়ন কৰিছিল।
ভূটান
চীন আৰু ভাৰতৰ সৈতে সীমান্তত থকা ভূটানে লকডাউনৰ অধীনলৈ নোযোৱাকৈয়ে কোৰোণা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিবলৈ সক্ষম হৈছিল। ভূটানে উপযুক্ত সময়ত পদক্ষেপ, প্ৰতিৰোধমূলক ব্যৱস্থা আৰু টিকাকৰণ অভিযানৰ জৰিয়তে কোভিডৰ বিৰুদ্ধে যুঁজত জয়ী হৈছিল । দেশখনে মাত্ৰ দুসপ্তাহৰ ভিতৰত ইয়াৰ প্ৰাপ্তবয়স্ক জনসংখ্যাৰ ৯০ শতাংশতকৈও অধিক লোকক টিকাকৰণ কৰিবলৈ সক্ষম হৈছিল। দেশখনে ১৩০৯ টা কোভিডৰ ঘটনা আৰু মাত্ৰ ১ টা মৃত্যু ঘটনাৰ প্ৰতিবেদন দিছিল।
হাৱাই
হাৱাইত কোভিড১০ ৰ ঘটনা হ্ৰাস হোৱাৰ পিছতেই মাস্কৰ আদেশ প্ৰত্যাহাৰ কৰা হৈছিল। হাৱাইৰ ৫৭% বাসিন্দাই কমেও এটা পালি কোৰোণা ভাইৰাছ ভেকচিন প্ৰাপ্ত কৰিছে আনহাতে দেশখনৰ জনসংখ্যাৰ আধাসংখ্যক লোকক সম্পূৰ্ণৰূপে টিকাকৰণ কৰা হৈছে। ৰাজ্যপাল ডেভিদ ইগে অৱশ্যে কৈছিল যে মানুহে ঘৰৰ ভিতৰতো মাস্ক পিন্ধিব লাগে, যদি কোনোৱে টিকাকৰণ প্ৰাপ্ত কৰা নাই। ১ জুনৰ পৰা দেশখনত চাৰ্ফিং প্ৰতিযোগিতা আৰু কেনো পেডলিং দৌৰৰ দৰে মহাসাগৰীয় ক্ৰীড়া প্ৰতিযোগিতাবোৰো অনুষ্ঠিত কৰাৰ অনুমতি দিয়া হৈছিল।
ওপৰোক্ত দেশকেইখনৰ উপৰিও ফ্ৰান্সে বুধবাৰে কৈছিল যে দেশখনত বাহিৰত মাস্ক পিন্ধাৰ বাধ্যবাধকতা নাথাকিব আৰু নিশাৰ কাৰ্ফিউ উঠাই দিয়া হ'ব কিয়নো কোভিড সংক্ৰমণ হ্ৰাসৰ লগতে দেশখনত ভেকচিন অভিযান বৃদ্ধি পাইছে। প্ৰধানমন্ত্ৰী জিন কাষ্টেক্সে কয় যে দেশৰ বেছিভাগ ঠাইত কিছু কিছু ক্ষেত্ৰৰ বাহিৰে মাস্ক পিন্ধাৰ প্ৰয়োজনীয়তা বৃহস্পতিবাৰৰ পৰা উঠাই লোৱা হ'ব, আনহাতে প্ৰাৰম্ভিক পৰিকল্পনাতকৈ ১০ দিন আগতে ২০ জুনত নিশা ১১ বজাৰ কোভিড কাৰ্ফিউ বাতিল কৰা হ'ব।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|