Covid 19, Lockdown: ৰাজ্যত অচিৰেই লকডাউনৰ কোনো সম্ভাৱনা নাই। স্পষ্ট কৰিলে মুখ্যমন্ত্ৰীয়ে। হাইস্কুল শিক্ষান্ত, উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা হ’ব : হিমন্ত বিশ্ৱ

News18 Assam | News18-Assam
Updated:April 11, 2021, 9:18 PM IST
Covid 19, Lockdown: ৰাজ্যত অচিৰেই লকডাউনৰ কোনো সম্ভাৱনা নাই। স্পষ্ট কৰিলে মুখ্যমন্ত্ৰীয়ে। হাইস্কুল শিক্ষান্ত, উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা হ’ব :  হিমন্ত বিশ্ৱ
বিদ্যালয়, মহাবিদ্যালয়ৰ ক্ষেত্ৰত চৰকাৰে কোনো সিদ্ধান্ত লোৱা নাই। প্ৰাথমিক শ্ৰেণীসমূহৰ অনলাইন ক্লাছৰ কথাও ভবা নাই চৰকাৰে। এটা বছৰ আকৌ লষ্ট কৰিব নোৱাৰি: হিমন্ত বিশ্ব

বিদ্যালয়, মহাবিদ্যালয়ৰ ক্ষেত্ৰত চৰকাৰে কোনো সিদ্ধান্ত লোৱা নাই। প্ৰাথমিক শ্ৰেণীসমূহৰ অনলাইন ক্লাছৰ কথাও ভবা নাই চৰকাৰে। এটা বছৰ আকৌ লষ্ট কৰিব নোৱাৰি: হিমন্ত বিশ্ব

  • Share this:
ৰাজ্যত এতিয়াই লকডাউন দিব লগা পৰিস্থিতি হোৱা নাই। আজি পুনৰ এই কথা দোহাৰিলে হিমন্ত বিশ্ব শৰ্মাই। মন্ত্ৰী হিমন্ত বিশ্বৰ দাবী, ‘বৰ্তমান ভয় খাব লগা পৰিস্থিতি হোৱা নাই’।

বিদ্যালয়, মহাবিদ্যালয়ৰ ক্ষেত্ৰত চৰকাৰে কোনো নতুন চিন্তা কৰা নাই। একে সময়তে প্ৰাথমিক শ্ৰেণীসমূহৰ ক্ষেত্ৰতো অনলাইন পাঠদানৰ কথা এতিয়াই ভবা নাই চৰকাৰে।

ইপিনে ৰাজ্যত ভেকচিনৰ কোনো নাটনি হোৱা নাই বুলি স্পষ্ট কৰি দিয়ে মন্ত্ৰী হিমন্ত বিশ্বই। দেওবাৰে বিৰুবাৰীৰ কোভিড হাস্পতাল পৰিদৰ্শন কৰি তেওঁ কয় যে নতুনকৈ এতিয়া কোভিড হাস্পতাল বৃদ্ধি কৰা নহয়, বৰ্তমান ৰাজ্যত ১০ হাজাৰ ৰোগীক ৰাখিব পৰা ব্যৱস্থা আছে।

ৰাজ্যত শীঘ্ৰে প্ৰতিদিনে ১ লাখ কোৰোণা টেষ্ট কৰা হ’ব। কৰ্ণাটক আৰু মহাৰাষ্ট্ৰৰ উপৰি কলকাতাৰ পৰা অহা লোকৰো কোভিড টেষ্ট কৰা হ’ব বুলি জনালে মন্ত্ৰী হিমন্ত বিশ্বই।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও কৰিলে একে মন্তব্য। ৰাজ্যত লকডাউনৰ কোনো সম্ভাৱনা নাই। ককাকপথাৰত সোণোৱাল কছাৰী জাতীয় পৰিষদৰ অধিৱেশনত অংশ লৈ এই মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।
Published by: Manjumoni Borah
First published: April 11, 2021, 9:18 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি