আগন্তুক ৭ দিনত অসমত Covid ৰোগীৰ সংখ্যা বাঢ়িব, কিন্তু লকডাউন নহয়! বিহু হ'বঃ হিমন্ত বিশ্ব

News18 Assam | News18-Assam
Updated:April 8, 2021, 4:36 PM IST
আগন্তুক ৭ দিনত অসমত Covid ৰোগীৰ সংখ্যা বাঢ়িব, কিন্তু লকডাউন নহয়! বিহু হ'বঃ হিমন্ত বিশ্ব
শীঘ্ৰে প্ৰতিদিনে ১ লাখ টেষ্ট কৰা হ'ব, কিন্তু তেতিয়ালৈ ক'ভিড অলপ বেছিকৈ দেখা যাব ৷ বিহু যাতে নিৰাপদে অসমবাসীয়ে পালন কৰিব পাৰে : হিমন্ত বিশ্ব

শীঘ্ৰে প্ৰতিদিনে ১ লাখ টেষ্ট কৰা হ'ব, কিন্তু তেতিয়ালৈ ক'ভিড অলপ বেছিকৈ দেখা যাব ৷ বিহু যাতে নিৰাপদে অসমবাসীয়ে পালন কৰিব পাৰে : হিমন্ত বিশ্ব

  • Share this:
এটা বছৰৰো অধিক সময় Covid-19ৰে যুঁজাৰ পিছতো শেষ হোৱা নাই ক'ভিড আতংক৷ দেশৰ লগতে অসমতো ক্ৰমান্বয়ে বৃদ্ধি পাইছে ক'ভিড সংক্ৰমণ ৷ অৰ্থাৎ, দেশত চলিছে এতিয়া ক'ভিডৰ দ্বিতীয় ৱেভ ৷ নিৰ্বাচন শেষ হোৱাৰ পিছত প্ৰথমবাৰলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল,ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস আৰু মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই একেলগে সংবাদমেল সম্বোধন কৰি ৰাজ্যবাসীক ক'ভিডক লৈ আতংকিত নহ'বলৈ জনালে আহ্বান ৷



স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক'লে, "ক'ভিডৰ ২য় সংক্ৰমণ দেখা পাইছোঁ ৷ কালি ১৮ হাজাৰ টেষ্ট হৈছে, আজি ৩৫ হাজাৰ টেষ্ট কৰা হৈছে ৷ শীঘ্ৰে প্ৰতিদিনে ১ লাখ টেষ্ট কৰা হ'ব, কিন্তু তেতিয়ালৈ ক'ভিড অলপ বেছিকৈ দেখা যাব ৷ বিহু যাতে নিৰাপদে অসমবাসীয়ে পালন কৰিব পাৰে ৷ লকডাউন, নাইট কাৰ্ফিউৰ সম্ভাৱনা নাই ৷"

মন্ত্ৰী শৰ্মাই লগতে কয়," ক'ভিডৰ লক্ষণ দেখিলেই টেষ্ট কৰক ৷ যোৱা বছৰ চিকিৎসকে ভেকচিন লোৱা নাছিল, এইবাৰ লৈছে ৷ এতিয়া mask পিন্ধিয়ে ডাক্তৰ যাব পাৰে ৰোগীক চিকিৎসা কৰিবলৈ ৷ এইখিনি সময়ত ৰাইজ আতংকিত নহয়, সজাগ হ'ব লাগে ৷ ৪৫ বছৰ বয়সৰ ওপৰৰ সকলোৱে ভেকচিন লওক ৷ ভেকচিন ল'বলৈ কোনেও সংকোচ কৰিব নালাগে, কাৰন অসমত ভেকচিনৰ কোনো উল্লেখযোগ্য পাৰ্শ্বক্ৰিয়া নাই ৷"

মন্ত্ৰী শৰ্মাই সংবাদমেলতে ক'লে, "অহা ৭ দিনত ক'ভিডৰ সংখ্যা অলপ বেছি দেখা যাব ৷ বিহু যাতে ভালকৈ পালন কৰিব পাৰে তাৰবাবে টেষ্ট বেছি কৰা হ'ব ৷ বিহু কেনেকৈ পালন কৰিব লাগে তাৰবাবে SOP প্ৰকাশ কৰা হ'ব ৷ আতংকিত হোৱাৰ কোনো কাৰণ নাই ৷ নিৰ্বাচন শেষ কৰি আজিৰ পৰা ময়ো কামত লাগি গৈছো, বিষয়াসকলো নামিছে ৷ অসমৰ ৰাইজক নিৰাপত্তা দিয়াত কোনো ক্ৰুটি নকৰো  ৷"
Published by: Kokil Sarma
First published: April 8, 2021, 4:33 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি