COVID-19 3rd Wave: ছেপ্টেম্বৰত প্ৰতিদিনে আহিব পাৰে ৪ লাখকৈ কোভিড কেছ, নিটি আয়োগে দিলে পৰামৰ্শ
নীতি আয়োগে ইয়াৰ আগতে ২০২০ চনৰ ছেপ্টেম্বৰত দ্বিতীয় ঢৌক লৈ সতৰ্কবাণী শুনাইছিল।
নীতি আয়োগে ইয়াৰ আগতে ২০২০ চনৰ ছেপ্টেম্বৰত দ্বিতীয় ঢৌক লৈ সতৰ্কবাণী শুনাইছিল।
- News18 Assam
- Last Updated: August 22, 2021, 9:04 PM IST
কোৰোনা ভাইৰাছৰ সংক্ৰমণে দেশক ঢৌৱাই যোৱাৰ পিছত এতিয়া আহিছে তৃতীয় ঢৌৰ আশংকা। এইক্ষেত্ৰত নীতি আয়োগৰ (Niti Aayog) সদস্য ভি কে পলে যোৱা মাহত কোৰোনা সংক্ৰমণৰ মোকাবিলা কৰিবলৈ চৰকাৰক কিছু পৰামৰ্শ দিছিল। ইয়াত কোৱা হৈছে যে ভৱিষ্যতে প্ৰতি ১০০টা কোৰোনা সংক্ৰমণৰ ভিতৰত ২৩গৰাকী ৰোগীক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ ব্যৱস্থা কৰিব লাগিব।
দ্য ইণ্ডিয়ান এক্সপ্ৰেছৰ এক প্ৰতিবেদন অনুসৰি, নীতি আয়োগে ইয়াৰ আগতে ২০২০ চনৰ ছেপ্টেম্বৰত দ্বিতীয় ঢৌক লৈ সতৰ্কবাণী শুনাইছিল। সংস্থাটোৱে ২০ শতাংশ ৰোগীক চিকিৎসালয়ত ভৰ্তি কৰাব লাগিব বুলি উল্লেখ কৰিছিল যদিও এই সংখ্যা পৰৱৰ্তী সময়ত অধিক হোৱা দেখা গৈছিল কোভিড-১৯ৰ দ্বিতীয় ঢৌৰ পিছত পৃথকে বৃহৎ সংখ্যক চিকিৎসালয়ৰ বিছনাৰ পৰামৰ্শ দিয়া হৈছে এই বছৰৰ এপ্ৰিল-জুনত দেখা কোভিড–১৯ সংক্ৰমণৰ ওপৰত ভিত্তি কৰি।
খবৰ অনুসৰি, ১ জুনত সংক্ৰমণ শীৰ্ষত থকা সময়ত ১০ খন ৰাজ্যৰ চিকিৎসালয়ত ২১.৭৪ শতাংশ লোক ভৰ্তি হোৱাৰ প্ৰয়োজন হৈছিল। ইয়াৰ ভিতৰত, ২.২ শতাংশ লোক আইচিইউত ভৰ্তি হৈছিল।
নীতি আয়োগে এই সন্দৰ্ভত কয়– আমি আৰু বেয়া পৰিস্থিতিৰ বাবে সাজু থাকিব লাগে। আয়োগে দিনে ৪ৰ পৰা ৫ লাখ কোৰোনা ৰোগীৰ সংক্ৰমণৰ আশংকা ব্যক্ত কৰিছে। আয়োগে লগতে এইটোও কৈছে যে অহা মাহৰ ভিতৰত ২ লাখ আইচিইউ বিছনা সাজু হ'ব লাগে। ইয়াত অন্তৰ্ভুক্ত থাকিব লাগিব ভেণ্টিলেটৰৰ সৈতে ১.২ লাখ আইচিইউ বিচনা, ৭ লাখ নন-আইচিইউ চিকিৎসালয়ৰ বিছনা (ইয়াৰ ভিতৰত ৫ লাখ অক্সিজেন বিছনা) আৰু ১০ লাখ কোভিড আইচ'লেচন কেয়াৰ বিছনা।












