কংগ্ৰেছ মুখপাত্ৰৰ এই অভিযোগৰ পিছতে কোভাক্সিনৰ ওপৰত বুধবাৰে কেন্দ্ৰই দিলে স্পষ্টীকৰণ।
কংগ্ৰেছ মুখপাত্ৰৰ এই অভিযোগৰ পিছতে কোভাক্সিনৰ ওপৰত বুধবাৰে কেন্দ্ৰই দিলে স্পষ্টীকৰণ।
দেশত কোৰোণা ভাইৰাছৰ বিৰুদ্ধে যুঁজখন শক্তিশালী কৰিবৰ বাবে অব্যাহত আছে টিকাকৰণ অভিযান। ভেকচিন সন্দৰ্ভত ভিন্ন সময়ত ভিন্ন তথ্য় পোহৰলৈ আহিছে, আলোচনা হৈছে ভিন্ন বিষয়ত। ইয়াৰ মাজতে ভাৰত বায়োটেকৰ কোভাক্সিন (Covaxin) ভেকচিনক লৈ কংগ্ৰেছ নেতা গৌৰৱ পান্ধিয়ে টুইটাৰত এক অভিযোগ উত্থাপন কৰিছিল।
গৌৰৱে কৈছিল যে, কোভাক্সিন তৈয়াৰৰ বাবে গৰু পোৱালীৰ তেজ ব্যৱহাৰ কৰা হৈছিল, তেওঁ এক RTI তথ্যৰ ভিত্তিত উত্থাপন কৰিছিল এই দাবী । এই অভিযোগৰ পিছতেই কোভাক্সিনক লৈ নানা ধৰণৰ তৰ্ক-বিতৰ্ক অব্যাহত থকাত নিৰ্মাণকাৰী সংস্থা ভাৰত বায়োটেকেও ইয়াৰ প্ৰত্যুত্তৰ দিব লগা হৈছিল ।
কংগ্ৰেছ মুখপাত্ৰৰ এই অভিযোগৰ পিছতে বুধবাৰে কেন্দ্ৰই কোভাক্সিনৰ ওপৰত দিয়ে এক স্পষ্টীকৰণ। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে কৈছে যে, 'কোভাক্সিন ভেকচিন সন্দৰ্ভত সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ পোষ্ট কৰা হৈছে, য'ত কোৱা হৈছে যে কোভাক্সিন ভেকচিনত গৰু পোৱালীৰ তেজ থাকে। এই পোষ্টত উল্লেখ কৰা তথ্যবোৰ সম্পূৰ্ণৰূপে ভুল আৰু ভিত্তিহীন।'
লক্ষ্যণীয় যে, কংগ্ৰেছ মুখপাত্ৰ গৌৰৱ পান্ধিয়ে টুইটাৰ লিখিছিল - 'মোডী চৰকাৰে স্বীকাৰ কৰিছে যে কোভাক্সিনত নৱজাতক গৰু পোৱালীৰ তেজ আছে... যি হৈছে ২০ দিনতকৈ কম বয়সৰ গৰু পোৱালীবোৰ হত্যা কৰাৰ পিছত ইয়াৰ পৰা প্ৰাপ্ত কৰা গোট খোৱা তেজৰ এটা অংশ। এইটো অতি জঘন্য! এই তথ্য পূৰ্বেই ৰাজহুৱা কৰিব লাগিছিল।'
কিন্তু কেন্দ্ৰই আজি প্ৰকাশ কৰা স্পষ্টীকৰণত উল্লেখ কৰিছে - 'নৱজাত গৰু পোৱালীৰ তেজ কেৱল ভেৰো কোষৰ প্ৰস্তুতি/বিকাশৰ বাবে ব্যৱহাৰ কৰা হয়। বিভিন্ন প্ৰকাৰৰ গৰু আৰু অন্যান্য প্ৰাণীৰ তেজ হৈছে ভেৰো কোষৰ বিকাশৰ বাবে বিশ্বব্যাপী ব্যৱহৃত মানক সমৃদ্ধি উপাদান। ভেৰো কোষবোৰক কোষৰ জীৱন স্থাপিত কৰিবলৈ ব্যৱহাৰ কৰা হয় যি ভেকচিন উৎপাদনত সহায় কৰে। এই পদ্ধতিটো কেইবাদশক ধৰি পলিঅ', জলাতংক আৰু ইনফ্লুৱেঞ্জা ভেকচিনত ব্যৱহাৰ হৈ আহিছে।'
স্পষ্টীকৰণ অনুসৰি, এই ভেৰো কোষবোৰক গৰু পোৱালীৰ তেজৰ পৰা মুক্ত কৰিবলৈ ৰাসায়নিক পদাৰ্থৰ সৈতে পানীৰে ধোৱা হয়। তাৰ পিছত, ভাইৰেল বৃদ্ধিৰ বাবে এই ভেৰো কোষবোৰ কোৰোণা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হয়। ভাইৰেল বৃদ্ধিৰ প্ৰক্ৰিয়াত ভেৰো কোষবোৰ সম্পূৰ্ণৰূপে ধ্বংস হৈ যায়। তাৰ পিছত মৃত্যু (inactivated) হয় আৰু বিশুদ্ধ হৈ পৰে। ইয়াৰ পিছত এই নিষ্ক্ৰিয় ভাইৰাছটো মূল ভেকচিন তৈয়াৰৰ বাবে ব্যৱহাৰ কৰা হয়, আৰু চূড়ান্ত ভেকচিন প্ৰস্তুতকৰণৰ বাবে কোনো গৰু পোৱালীৰ তেজ ব্যৱহাৰ কৰা নহয়।
এই সন্দৰ্ভত ভাৰত বায়োটেকে উল্লেখ কৰিছে এনেদৰে - ভাইৰেল ভেকচিন নিৰ্মাণত নৱজাতক গৰু পোৱালীৰ তেজ ব্যৱহাৰ কৰা হয়। ইয়াক কোষৰ বিকাশৰ বাবে ব্যৱহাৰ কৰা হয়, কিন্তু SARS CoV2 ভাইৰাছৰ বিকাশত বা চূড়ান্ত প্ৰস্তুতকৰণত ইয়াক ব্যৱহাৰ কৰা নহয়। কোভাক্সিনক আন সকলো অশুদ্ধি আঁতৰাই কেৱল নিষ্ক্ৰিয় ভাইৰাছৰ উপাদানবোৰ অন্তৰ্ভুক্ত কৰিবলৈ যথেষ্ট বিশুদ্ধ কৰা হয়।"
এইটো স্পষ্ট যে- 'কেইবা দশক ধৰি বিশ্বব্যাপী ভেকচিন নিৰ্মাণত গৰুৰ পোৱালীৰ তেজ বহুলভাৱে ব্যৱহাৰ কৰা হয়। যোৱা ৯ মাহৰ পৰা নৱজাতক পোৱালীৰ তেজ ব্যৱহাৰ স্বচ্ছভাৱে নথিভুক্ত কৰা হৈছে।'
(https://www.news18.com/news/india/newborn-calf-serum-used-to-make-covaxin-bharat-biotech-centre-explain-after-congs-slaughter-charge-3854018.html)
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|