COVID-19:এই পৰীক্ষাৰ দ্বাৰা ৩০ মিনিটতে জানিব পৰা যাব ক’ৰোণা ভাইৰাছত আক্ৰান্ত হয় নে নহয়!

News18 Assam | News18-Assam
Updated:March 21, 2020, 12:15 PM IST
COVID-19:এই পৰীক্ষাৰ দ্বাৰা ৩০ মিনিটতে জানিব পৰা যাব ক’ৰোণা ভাইৰাছত আক্ৰান্ত হয় নে নহয়!
ঘৰতেই কৰিব পাৰিব এই পৰীক্ষা

ঘৰতেই কৰিব পাৰিব এই পৰীক্ষা

  • Share this:
ক’ৰোণা ভাইৰাছকলৈ সমগ্ৰ বিশ্বতে এতিয়া আতংকময় পৰিবেশ। প্ৰত্যেকদিনাই বৃদ্ধি পাইছে ক’ৰোণাত আক্ৰান্ত ৰোগীৰ সংখ্যা। প্ৰতিখন ৰাষ্ট্ৰই এতিয়া ক’ৰোণা ভাইৰাছৰ ভয়াৱহতালৈ লক্ষ্য কৰি সাৱধানতা অৱলম্বন কৰিছে। এই সময়তে এগৰাকী বৈজ্ঞানিকে ক’ৰোণা ভাইৰাছ পৰীক্ষা কৰাৰ এক নতুন কৌশল উদ্ভাৱন কৰিছে। Oxford University ৰ বৈজ্ঞানিকে ক’ৰোণা ভাইৰাছ পৰীক্ষাৰ বাবে ‘ৰেপিড টেষ্টিং টেকনিক’ আবিষ্কাৰ কৰিছে।

Oxford Universityৰ ‘Engineering Science Department’ আৰু ‘Oxford Suzhou Centre for Advanced Research (OSCAR)’ এ মিলিত প্ৰচেষ্টাৰে টেষ্টৰ টেকনিক উদ্ভাৱন কৰিছে। Oxford Universityৰ প্ৰফেছৰ জানফেং চুই আৰু ৱেই হুৱাঙৰ নেতৃত্বত এই নতুন বিধি উদ্ভাৱন কৰা হৈছে।

আগতকৈ এই নতুন পৰীক্ষণ প্ৰক্ৰিয়া বহুখিনি উন্নতমানৰ। আৰু ইয়াৰ বাবে বহুত বেছি টেকনিকৰো প্ৰয়োজন নাই। আগতে ক’ৰোণাৰ পৰীক্ষা কৰোতে প্ৰয়োজন হৈছিল কমেও ২ ঘণ্টা সময়। পুৰণি আৰু আজি পৰ্যন্ত কৰি থকা টেষ্টক viral RNA টেষ্ট বুলি কোৱা হয়।

কিন্তু নতুন পদ্ধতিৰ বাবে এটা হিট–ব্লকৰ প্ৰয়োজন, যি RNAৰ ৰিভাৰ্ছ ট্ৰানছক্ৰিপশ্বন আৰু DNAৰ বাবে প্ৰয়োজনীয় উষ্ণতা নিয়ন্ত্ৰণ কৰিব পাৰে। ইয়াৰ সকলোতকৈ ডাঙৰ উপকাৰ এয়াই যে, ইয়াক খালী চকুৰে চাব পাৰি আৰু যিকোনো অঞ্চলতে সহজতে পৰীক্ষণঁ কৰিব পাৰি। ক’ৰোণা ভাইৰাছৰ অৱস্থিতি আছে নে নাই, তেজৰ নমুনাৰ ৰঙৰ পৰিৱৰ্তনৰ দ্বাৰা সহজতে জানিব পাৰি।
আৰু চাওক
পৰৱৰ্তী বাতৰি