Covid-19 মহামাৰী প্ৰতিহত কৰিবলৈ দেশত চলিত প্রতিষেধক প্ৰদান প্ৰক্রিয়াত কিছু সালসলনি ঘটোৱা হৈছে। এতিয়াৰ পৰা Serum Institute of Indiaৰ প্রতিষেধক Covishieldৰ প্ৰথমটো পালি গ্ৰহণৰ ১২ৰ পৰা ১৬ সপ্তাহৰ অন্ততহে দ্বিতীয়টো পালি গ্ৰহণ কৰিব পাৰিব । ইয়াৰ আগতে এই সময় আছিল ৬সপ্তাহৰ পৰা ৮সপ্তাহ । তাৰ পূৰ্বে এই সময় আছিল ৪ সপ্তাহৰ পৰা ৬ সপ্তাহ ।
ইংলেণ্ডৰ পৰা প্ৰাপ্ত এই ভেকচিন গ্ৰহণ কৰা লোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা সম্বন্ধীয় তথ্য সমূহ বিশ্লেষণ কৰি Covid-19 Working Groupএ কালি এই পৰামৰ্শ আগবঢ়াইছিল । বুধবাৰে নীতি আয়োগৰ সদস্য ডাঃ ভি কে পলৰ অধ্যক্ষতাত গঠন হোৱা National Expert Group on Vaccine Administrationএ এই পৰামৰ্শত সহমত পোষণ কৰে । ইয়াৰ পিছতে আজি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে এই পৰামৰ্শত অনুমোদন প্ৰদান কৰে ।
ডা৹ ভি কে পলে জনোৱা মতে, বিশ্ব স্বাস্থ্য সংস্থাৰ সৈতে আলোচনা কৰি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । Covishieldৰ নিৰ্মাতা Serum Institute of Indiaই এয়া এক উচিত সিদ্ধান্ত বুলি মন্তব্য কৰিছে ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|