২০-২৫ দিনৰ ভিতৰত গুৱাহাটীত সম্পূৰ্ণ কৰিব বৃহৎ ক'ভিড হাস্পতাল, এইবাৰ খাদ্যতকৈ অক্সিজেন-ইনজেকচনত অধিক গুৰত্ব প্ৰদান: স্বাস্থ্য মন্ত্ৰী

News18 Assam | News18-Assam
Updated:April 23, 2021, 7:00 PM IST
২০-২৫ দিনৰ ভিতৰত গুৱাহাটীত সম্পূৰ্ণ কৰিব বৃহৎ ক'ভিড হাস্পতাল, এইবাৰ খাদ্যতকৈ অক্সিজেন-ইনজেকচনত অধিক গুৰত্ব প্ৰদান: স্বাস্থ্য মন্ত্ৰী
ৰাজ্য চৰকাৰে এইবাৰ খাদ্যৰ পৰিৱৰ্তে অক্সিজেন আৰু ইনজেকচনত গুৰুত্ব প্ৰদান কৰিছে বুলি জনাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

ৰাজ্য চৰকাৰে এইবাৰ খাদ্যৰ পৰিৱৰ্তে অক্সিজেন আৰু ইনজেকচনত গুৰুত্ব প্ৰদান কৰিছে বুলি জনাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

  • Share this:
ক'ভিড সংক্ৰমন নিতৌ বৃদ্ধি পাইছে অসমৰ বিভিন্ন জিলাত। ক'ভিডৰ শেহতীয়া পৰিস্থিতি সম্পৰ্কত স্বাস্থ্য মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে গুৰুত্বপূৰ্ণ কথা প্ৰকাশ কৰে। গুৱাহাটীৰ GMCH প্ৰকল্প অথবা খানাপাৰাত এশটা ICUৰ সুবিধা আৰু ৪৬০ টা অক্সিজেন বেডৰ সুবিধাৰে নতুন ক'ভিড হস্পিতাল নিৰ্মাণ কৰিব ৰাজ্য চৰকাৰে।

প্ৰস্তাৱিত এই নিৰ্মান কাৰ্য ২০-২৫ দিনৰ ভিতৰত সম্পূৰ্ণ কৰিব গড়কাপ্তানি বিভাগে। এইবাৰ ক'ভিড যোৱা বাৰতকৈ ব্যতিক্ৰম বুলি কয় স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে। স্বাস্থ্য মন্ত্ৰী গৰাকীৰ মতে এইবাৰৰ ক'ভিডে পোনপটীয়াকৈ lungsত আক্ৰমণ কৰে। ইফালে কামৰূপৰ শিঙিমাৰী আৰু গুৱাহাটীৰ এম এম চি এইছ, জি এম চি এইছ, যক্ষ্মা হাস্পতালক কভিড কেয়াৰ হাস্পতালৰ বাবে সাজু কৰি তুলিছে চৰকাৰে। দুদিনৰ পিছত ক'ভিড ৰোগীৰ বাবে সৰু-সজাই সাজু হৈ উঠিব বুলিও কয় মন্ত্ৰী গৰাকীয়ে। BPL  সকলৰ বাবে আন ক'ভিড আক্ৰান্ত সকলৰ পৰিয়ালে এইবাৰ ঘৰৰ পৰা খাদ্য , পানী ৰোগীৰ বাবে যোগাৰ কৰিব লাগিব। ৰাজ্য চৰকাৰে এইবাৰ খাদ্যৰ পৰিৱৰ্তে অক্সিজেন আৰু ইনজেকচনত গুৰুত্ব প্ৰদান কৰিছে বুলি জনাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
Published by: Kokil Sarma
First published: April 23, 2021, 7:00 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি