মুখ্যপৃষ্ঠা » খবৰ

» Corona

»Again Wuhan: এবছৰৰ মূৰত কোৰোণাৰ জন্মভূমি উহানত নতুন সংক্ৰমণৰ ঘটনা, সাজু চীন

Again Wuhan: এবছৰৰ মূৰত কোৰোণাৰ জন্মভূমি উহানত নতুন সংক্ৰমণৰ ঘটনা, সাজু চীন

News18 Assam | News18-Assam
Updated:August 4, 2021, 9:28 PM IST
Again Wuhan: এবছৰৰ মূৰত কোৰোণাৰ জন্মভূমি উহানত নতুন সংক্ৰমণৰ ঘটনা, সাজু চীন
কোৰোণাৰ ডেল্টা প্ৰকাৰ কেইবাখনো চহৰলৈ বিয়পি পৰিছে চীনত।

কোৰোণাৰ ডেল্টা প্ৰকাৰ কেইবাখনো চহৰলৈ বিয়পি পৰিছে চীনত।

  • Share this:

কোৰোণাৰ জন্মভূমি চীনৰ উহানত পোৱা গৈছে পুনৰ কোৰোণা সংক্ৰমণৰ ঘটনা। এবছৰৰ ভিতৰত চীনৰ উহানত কোৰোণা ভাইৰাছৰ সংক্ৰমণৰ নতুন ঘটনা সংঘটিত হোৱাৰ পিছত স্থানীয় প্ৰশাসনে অঞ্চলটোৰ সমগ্ৰ জনসাধাৰণৰ কোভিড-১৯ পৰীক্ষা কৰাৰ সিদ্ধান্ত লৈছে।


উহানৰ স্থানীয় প্ৰশাসনিক বিষয়া লি তাওৱে মঙলবাৰে এখন সংবাদমেলত এই বিষয়ে জানিবলৈ দি সকলো লোকৰ নিউক্লেয়িক এচিড (Nucleic acid) পৰীক্ষা কৰাৰ বাবে শীঘ্ৰেই এটা অভিযান আৰম্ভ কৰা হ'ব বুলি জনায়। উল্লেখ্য চীনৰ উহান চহৰৰ জনসংখ্যা ১ কোটিতকৈও অধিক।


ইয়াৰ পূৰ্বে সোমবাৰে উহান কৰ্তৃপক্ষই ঘোষণা কৰিছিল যে চহৰখনৰ প্ৰব্ৰজনকাৰী শ্ৰমিকসকলৰ মাজত কোৰোণা সংক্ৰমণৰ সাতটা স্থানীয় ঘটনা পোৱা গৈছে। চীনে ২০২০ চনৰ আৰম্ভণিৰ মাহবোৰত উহানত কোৰোণা সংক্ৰমণৰ প্ৰাদুৰ্ভাৱ সফলতাৰে দূৰ কৰা বুলি দাবী কৰাৰ পিছত প্ৰায় এবছৰ ধৰি উহানত সংক্ৰমণৰ কোনো ঘটনা পোৱা নগৈছিল।



চীনে মঙলবাৰে কোৰোণা ভাইৰাছ সংক্ৰমণৰ ৬১টা ঘটনা পঞ্জীয়ন কৰিছিল। চীনৰ নানজিং চহৰত বিমানবন্দৰ ৰক্ষীসকলক সংক্ৰমিত কৰাৰ পিছত কোৰোণাৰ ডেল্টা প্ৰকাৰ কেইবাখনো চহৰলৈ বিয়পি পৰিছে আৰু সংক্ৰমণ বিয়পাৰ গতি অত্যন্ত দ্ৰুত। চীনৰ বিভিন্ন প্ৰান্তৰ পৰা কোৰোণা সংক্ৰমণৰ ঘটনা পঞ্জীয়ন কৰা হৈছে।

Published by: Gautam Barman
First published: August 4, 2021, 9:28 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি