দেশত ক’ৰোনাৰ দ্বিতীয় লহৰৰ প্ৰকোপ, কৱচ হ’ব Network18 আৰু Federal Bank-ৰ সঞ্জিৱনী অভিযান

News18 Assam | News18-Assam
Updated:April 6, 2021, 10:18 PM IST
দেশত ক’ৰোনাৰ দ্বিতীয় লহৰৰ প্ৰকোপ, কৱচ হ’ব Network18 আৰু Federal Bank-ৰ সঞ্জিৱনী অভিযান
Covid–19 Vaccination: ক’ৰোনাৰ দ্বিতীয় লহৰে দেশত পুনৰ লকডাউনৰ আশংকা বৃদ্ধি কৰিছে। যদি সংক্ৰমণৰ গতি ৰোধ কৰিব পৰা নহয়, তেনেহ’লে ৰাজ্য চৰকাৰসমূহৰ হাতত লকডাউনৰ বিকল্প নাথাকিব।

Covid–19 Vaccination: ক’ৰোনাৰ দ্বিতীয় লহৰে দেশত পুনৰ লকডাউনৰ আশংকা বৃদ্ধি কৰিছে। যদি সংক্ৰমণৰ গতি ৰোধ কৰিব পৰা নহয়, তেনেহ’লে ৰাজ্য চৰকাৰসমূহৰ হাতত লকডাউনৰ বিকল্প নাথাকিব।

  • Share this:
দেশত এবাৰ পুনৰ ক’ৰোনা ভাইৰাছৰ ভয়াৱহ ৰূপত সংক্ৰমণ হৈছে। কেইবাখনো ৰাজ্য আৰু চহৰত সংক্ৰমণৰ হাৰ অতি উদ্বেগজনকভাৱে বৃদ্ধি পাইছে। এনেকৈও ক’ব পাৰি যে সমগ্ৰ দেশখনেই সংক্ৰমণৰ ভয়ংকৰ জালত বন্দী হৈ পৰিছে। অন্য দেশৰ পৰিসংখ্যালৈ চাই আমি আশংকা কৰিব পাৰোঁ যে এই দ্বিতীয় লহৰত সংক্ৰমণৰ সংখ্যা আৰু মৃত্যুৰ সংখ্যা বহুগুণে বেছি হ’ব পাৰে। আমি এইটোও জানোঁ যে ক’ৰোনাৰ সংক্ৰমণৰ দ্বিতীয় লহৰ কেৱল মাত্ৰ ৰোধ কৰিব পৰা যাব টীকাকৰণেৰে। ইয়াৰ বাবে আমি কম সময়ত অধিক লোকৰ টীকাকৰণ কৰাব লাগিব। এনে পৰিপ্ৰেক্ষিত্বতে Network18ৰ নতুন অভিযান "সঞ্জিৱনী-জীৱনৰ টীকা" নিৰ্ণায়ক হৈ পৰে। এই অভিযান এনেধৰণেৰে সাজু কৰা হৈছে যাতে দেশৰ অতি প্ৰত্যন্ত প্ৰান্ত আৰু ক’ৰোনাত সৰ্বাধিক আক্ৰান্ত জিলাসমূহত টীকাকৰণ কাৰ্যসূচীক গতি দিব পৰা যায় আৰু সকলো প্ৰভাৱিত এলেকা টীকাকৰণেৰে সামৰি ল’ব পৰা যায়।

ক’ৰোনাৰ দ্বিতীয় লহৰ

এই অভিযানৰ বিষয়ে কোৱাৰ আগতে আমি এই কথাটো জানি লোৱা ভাল হ’ব যে দেশত এতিয়া টীকাকৰণ কিয় সময়ৰ দাবী ৰূপে পৰিগণিত হৈছে? বিশেষজ্ঞসকলে ভাৰতত দ্ৰুত গতিত নিজৰ স্বৰূপ সলনি কৰা ক’ৰোনা ভাইৰাছৰ ডাবল ষ্ট্ৰেইন(Double Strain) প্ৰকাৰ ধৰা পেলাইছে। ইয়াৰ লগতে ব্ৰিটেইন, দক্ষিণ আফ্ৰিকা আৰু ব্ৰাজিলৰ ডাবল ষ্ট্ৰেইন প্ৰকাৰ অতি সংক্ৰামক বুলিও খবৰ ওলাইছে। ইয়াৰ বিপৰীতে দেশৰ সকলোতে জনতাই কোভিড-19(Covid–19)ৰ সাৱধানতাসমূহ পালন কৰাত চূড়ান্তভাৱে হেমাহি কৰিছে আৰু টীকাকৰণৰ গতিও অতি লেহেমীয়া হৈছে। সংক্ৰমণৰ দ্বিতীয় লহৰ ইমানেই ভয়াৱহ যে ফেব্ৰুৱাৰীৰ মাজভাগৰ পৰা অলপ-অচৰপকৈ আৰম্ভ হৈ এতিয়া কেইবা লাখ লোক সংক্ৰমিত হৈছে।

Covid–19ৰ বিৰুদ্ধে ভাৰতে প্ৰথম লহৰত অতি সফলতাৰে মোকাবিলা কৰিছিল আৰু চৰকাৰৰ প্ৰয়াসৰ সমগ্ৰ বিশ্বতে প্ৰশংসাও হৈছে। অৱশ্যে অৰ্থনীতিক সংকটৰ পৰা উদ্ধাৰৰ বাবে কিছু আগতীয়াকৈ বাণিজ্যিক প্ৰতিষ্ঠানসমূহ খুলি দিয়া হৈছিল। কিন্তু ক’ৰোনাৰ দ্বিতীয় লহৰে দেশত লকডাউনৰ আশংকা পুনৰ বৃদ্ধি কৰিছে। যদি সংক্ৰমণৰ গতি ৰোধ কৰিব পৰা নহয়, তেনেহ’লে ৰাজ্য চৰকাৰসমূহৰ হাতত লকডাউনেই হ’ব অন্তিম বিকল্প। কিন্তু এইবাৰ এটা কথাই আমাৰ বাবে ইতিবাচক যে যোৱা বছৰ সংক্ৰমণৰ সময়ত আমাৰ হাতত লকডাউনেই আছিল একমাত্ৰ বিকল্প, কিন্তু এইবাৰ আমাৰ হাতত বিকল্পৰ ৰূপত আছে ক’ৰোনাৰ প্ৰতিষেধক, যাৰ সহায়ত এই মাহামাৰীৰ সৈতে আমি বাজী মাত কৰিব পাৰোঁ।

Network18 আৰু Federal Bank-ৰ সঞ্জীৱনী অভিযান

কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰসমূহে ১৬ জানুৱাৰীৰ পৰাই ক’ৰোনাৰ প্ৰতিষেধক প্ৰদান কৰি আহিছে। কিন্তু দেশৰ বৃহৎ জনসংখ্যা আৰু বিশাল ভূখণ্ডৰ বাবে কম সময়ৰ ভতৰতে সকলোকে প্ৰতিষেধক প্ৰদান কৰাটো এক বৃহৎ প্ৰত্যাহ্বান হৈ পৰিছে। এই প্ৰত্যাহ্বানৰ মুখামুখি হ’বলৈ প্ৰস্তুত কৰা হৈছে সঞ্জীৱনী অভিযান। Network18ৰ এই অভিযানক "সঞ্জিৱনী-জীৱনৰ টীকা" নাম দিয়া হৈছে, যিটো ফেডাৰেল বেংকৰ এক ক’ৰ্প’ৰেট সামাজি দায়িত্ব( CSR) অভিযানো হয়। এপ’ল’(Apollo)24/7 স্বাস্থ্য বিশেষজ্ঞৰূপে এই অভিযানত ভাগ লৈছে। জনপ্ৰিয় অভিনেতা ছোনু সুদ এই অভিযানৰ ব্ৰেণ্ড এম্বেছাদৰ হ’ব। তেওঁ ৭ এপ্ৰিলত বিশ্ব স্বাস্থ্য দিৱসৰ দিনা এপ’ল’ হাস্পতালত ক’ৰোনাৰ প্ৰতিষেধক গ্ৰহণ কৰিব আৰু এই অনবদ্য অভিযানৰ শুভাৰম্ভণিও কৰিব।

অমৃতসৰত হ’ব লগা শুভাৰম্ভণি অনুষ্ঠানত ‘সঞ্জীৱনী বাহন’ৰ যাত্ৰাৰম্ভ কৰা হ’ব, যিখনে ফেডাৰেল বেংকে দায়িত্ব লোৱা ৫ খন জিলাৰ ১৫০০ গাঁৱলৈ গৈ বিভিন্ন কাৰ্যসূচীৰ জড়িয়তে সজাগতা সৃষ্টি কৰিব। এই জিলাসমূহৰ ভিতৰত আছে অমৃতসৰ, নাছিক, ইন্দোৰ, গুণ্টুৰ আৰু দক্ষিণ কন্নড়। এই ৫ খন জিলা দেশৰ ভিতৰতে সৰ্বাধিক ক’ৰোনা আক্ৰান্ত জিলা। Network18ৰ "সঞ্জিৱনী-জীৱনৰ টীকা" এই কথাৰ প্ৰমাণ যে চৰকাৰে ক’ৰ্প’ৰেট, এনজিঅ’ আৰু চিকিৎসালয়সমূহৰ ওপৰত নিৰ্ভৰ কৰিব পাৰে আৰু ক’ৰোনা টীকাকৰণ কাৰ্যক দ্ৰুত গতি প্ৰদান কৰিব পাৰে।

এইদৰে ক’ৰোনাৰ প্ৰতিষেধকৰ বিষয়ে যিমানেই সজাগতা বৃদ্ধি হ’ব সিমানেই প্ৰতিষেধকৰ মূল্য কমিব আৰু সুলভ হৈ পৰিব। ফলত দেশত ক’ৰোনাৰ বিৰুদ্ধে প্ৰতিৰোধ গঢ়াত সফল হ’ব পৰা যাব আৰু জনতাই নিজৰ পূৰ্বৰ স্বাভাৱিক জীৱনলৈ উভটি যাব পাৰিব আৰু তেতিয়া সংক্ৰমণৰো কোনো ভয় নাথাকিব। সেয়ে সঞ্জিৱনীৰ দৰে অভিযান কেৱল সময়ৰ দাবীয়েই নহয়, বৰঞ্চ এক সবল ইতিবাচক পদক্ষেপ। অভিযানৰ সফলতা আৰু দেশজুৰি ইয়াৰ বিস্তাৰৰ বাবে আমি অধীৰ হৈ আছোঁ। আপুনি সঞ্জিৱনী ল’লেনে?
Published by: Manjumoni Borah
First published: April 6, 2021, 10:18 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি