• Home
  • »
  • News
  • »
  • coronavirus-latest-news
  • »
  • ক'ভিড 19ত আক্ৰান্ত মহিলাক বজাৰত নমাই থৈ এম্বুলেঞ্চৰ কৰ্মীয়ে, তাৰ পিছতে বজাৰত হাহাকাৰ

ক'ভিড 19ত আক্ৰান্ত মহিলাক বজাৰত নমাই থৈ এম্বুলেঞ্চৰ কৰ্মীয়ে, তাৰ পিছতে বজাৰত হাহাকাৰ

ঘৰ পাবলৈ মাত্ৰ কেই কিলোমিটাৰ মান থকাৰ সময়তে এম্বুলেঞ্চত অহা কৰ্মীসকলে নাহৰকটীয়া ডেইলী বজাৰত উপস্থিত থকা লোকসকলক মহিলাগৰাকী ক'ভিড পজিটিভ বুলি কৈ এম্বুলেঞ্চৰ পৰা নমাই থৈ যায়।

  • Share this:
অইল ইণ্ডিয়া লিমিটেডৰ হাস্পতালৰ এম্বুলেঞ্চৰ কৰ্মীৰ দায়সৰা কাৰ্যই এতিয়া বিপদ মাতি আনিছে নাহৰকটীয়া বাসীৰ বাবে । উল্লেখযোগ্য যে নাহৰকটীয়া পুৰণি গাঁৱৰ এগৰাকী গৰ্ভৱতী মহিলাই আজি দৈনিক পৰীক্ষাৰ বাবে উপস্থিত হয় দুলীয়াজানৰ অইলৰ হাস্পতালত ।সেই সময়তে স্বাস্থ্য বিভাগৰ নিয়ম অনুসৰি মহিলা গৰাকীক প্ৰথমে ৰেপিড এণ্টিজেন টেষ্ট কৰোৱাত  ধৰা পৰে মহিলা গৰাকীৰ দেহত ক'ভিড ১৯ৰ অৱস্থিতি।

ইফালে গৰ্ভৱতী মহিলাগৰাকী ক'ভিড পজিটিভ হোৱাত অইলৰ এম্বুলেঞ্চৰ জৰিয়তে মহিলা গৰাকীক হোম কোৱাৰেণ্টাইনৰ বাবে নিজা ঘৰলৈ পঠিয়াই যদিও ঘৰ পাবলৈ মাত্ৰ কেই কিলোমিটাৰ মান থকাৰ সময়তে  এম্বুলেঞ্চত অহা কৰ্মীসকলে তাত উপস্থিত থকা লোকসকলক মহিলা গৰাকী ক'ভিড পজিটিভ বুলি কৈ নাহৰকটীয়া ডেইলী বজাৰত এম্বুলেঞ্চৰ পৰা নমাই থৈ যায়। যাৰ ফলত গৰ্ভৱতী মহিলা গৰাকী সহ পৰিয়ালটো বিপাঙত পৰাৰ লগতে এক আতংকময় পৰিৱেশৰ সৃষ্টি হয় প্ৰায়ে জনসমাগম থকা নাহৰকটীয়া ডেইলী বজাৰ অঞ্চলত।

ইফালে মহিলা গৰাকীক আধাবাটতে এৰি যোৱাত নাহৰকটীয়া স্বাস্থ্য বিভাগে এম্বুলেঞ্চৰ জৰিয়তে মহিলা গৰাকীক ঘৰত থোৱাৰ ব্যৱস্থা গ্ৰহণ কৰে।এতিয়া প্ৰশ্ন হয় যি সময়ত অইল ইণ্ডিয়া লিমিটেড ক'ভিড সংক্ৰমণ ৰোধ কৰাৰ বাবে সজাগতা সৃষ্টি কৰাৰ লগতে নাহৰকটীয়া আৰু দুলীয়াজানৰ ৩৫ গৰাকী ক'ভিড ৰোগীক বিনামূলীয়া চিকিৎসাৰ বাবে ওলাই আহিছে সেই সময়তে অইল হস্পিতালৰ এম্বুলেন্স কৰ্মীয়ে কৰা এনে কৰ্মকাণ্ডই সকলোকে স্তম্ভিত কৰি তুলিছে।
Published by:Kokil Sarma
First published:

শেহতীয়া বাতৰি