নগাঁও পালেহি কৰ’ণা! গুৰগাঁৱৰ পৰা নগাঁৱলৈ ঘুৰি অহা যুৱকক লৈ উদ্বিগ্নতা

News18 Assam | News18-Assam
Updated:March 7, 2020, 11:34 PM IST
নগাঁও পালেহি কৰ’ণা! গুৰগাঁৱৰ পৰা নগাঁৱলৈ ঘুৰি অহা যুৱকক লৈ উদ্বিগ্নতা
গুৰগাঁৱৰ যুৱকক লৈ চিন্তিত নগাঁৱৰ স্বাস্থ্যবিভাগ।

গুৰগাঁৱৰ যুৱকক লৈ চিন্তিত নগাঁৱৰ স্বাস্থ্যবিভাগ।

  • Share this:
দিল্লীৰ গুৰগাঁৱৰ পৰা নগাঁৱলৈ ঘূৰি অহা এগৰাকী যুৱকক লৈ চিন্তিত হৈ পৰিছে নগাঁৱৰ স্বাস্থ্যবিভাগ। গুৰগাঁৱৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত নগাঁৱৰ এজন যুৱক চৰ্দি-জ্বৰত আক্ৰান্ত হৈ নগাঁৱলৈ উভতি আহে।

যুৱকজনে নিজেই ক'ৰণা ভাইৰাছত আক্ৰান্ত হোৱাৰ সন্দেহত নগাঁৱৰ ভোগেশ্বৰী ফুকননী ফুকননী অসামৰিক চিকিৎসালয়ৰ চিকিৎসকৰ কাষ চাপে। যুৱকজনে চিকিৎসকক প্ৰদান কৰা ভাষ্য অনুসৰি তেওঁৰ কেইবাগৰাকীও সহযোগী ক'ৰণাত আক্ৰান্ত হোৱাৰ সন্দেহত দিল্লীত চিকিৎসাধীন হৈছে। ইতিমধ্যে চিকিৎসকে যুৱকজনৰ স্বাস্থ্যপৰীক্ষাৰ বাবে তেজৰ নমুনা সংগ্ৰহ কৰিছে যদিও স্বাস্থ্যপৰীক্ষাৰ প্ৰতিবেদন বৰ্তমান পৰ্যন্ত লাভ কৰা নাই। সেয়েহে যুৱকজন ক'ৰণাত আক্ৰান্ত হোৱাৰ সন্দৰ্ভত বৰ্তমানেও নিশ্চিত নহয় স্বাস্থ্যবিভাগ।

স্বাস্থ্যপৰীক্ষাৰ প্ৰতিবেদন নোপোৱা পৰ্য্যন্ত যুৱকজনক চিকিৎসকৰ তত্বাৱধানত ঘৰতে ৰখাৰ ব্যৱস্থা কৰিছে স্বাস্থ্যবিভাগে। আনহাতে ক'ৰণাক লৈ চিন্তিত হোৱাৰ কোনো প্ৰয়োজন নাই বুলি জনাইছে নগাঁও জিলা উপায়ুক্ত যাদৱ শইকীয়াই। ক'ৰণা ভাইৰাছৰ সকলো প্ৰতিৰোধমূলক ব্যৱস্থা গঢ়ি তুলিছে নগাঁও জিলা প্ৰশাসনে। ইপিনে নগাঁও জিলা প্ৰশাসনে অনাগত দুটা দিনত জনসমাগম হ’ব পৰা সকলো সভা-সমিতি বাতিল কৰিছে।
First published: March 7, 2020, 11:05 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading