চেনিটাইজাৰ বিচাৰি হাবাথুৰি খাইছে নেকি? ক'ত পাব বিনামূলীয়া চেনিটাইজাৰ?

News18 Assam | News18-Assam
Updated:March 19, 2020, 12:17 PM IST
চেনিটাইজাৰ বিচাৰি হাবাথুৰি খাইছে নেকি? ক'ত পাব বিনামূলীয়া চেনিটাইজাৰ?
সমগ্ৰ বিশ্বতে এতিয়া ক'ৰোণা ভাইৰাছৰ আতংক। বিশ্বৰ প্ৰায় ১৭৩ খন দেশলৈ এতিয়া বিয়পি কৰিছে ক'ৰোণা ভাইৰাছ।

সমগ্ৰ বিশ্বতে এতিয়া ক'ৰোণা ভাইৰাছৰ আতংক। বিশ্বৰ প্ৰায় ১৭৩ খন দেশলৈ এতিয়া বিয়পি কৰিছে ক'ৰোণা ভাইৰাছ।

  • Share this:
সমগ্ৰ বিশ্বতে এতিয়া ক'ৰোণা ভাইৰাছৰ আতংক। বিশ্বৰ প্ৰায় ১৭৩ খন দেশলৈ এতিয়া বিয়পি কৰিছে ক'ৰোণা ভাইৰাছ। ভাৰতবৰ্ষতো এতিয়া প্ৰতিদিনে বৃদ্ধি পাইছে ক’ৰোণা ভাইৰাছত আক্ৰান্ত হোৱাৰ সংখ্যা।  বিশ্বৰ বহু আগশাৰীৰ দেশে এতিয়া দিনে নিশাই ক’ৰোণা ভাইৰাছৰ প্ৰতিষেধক আবিষ্কাৰৰ বাবে চলাই আছে পৰীক্ষা নিৰীক্ষা।

সকলোতে এতিয়া ক’ৰোণা ভাইৰাছৰ বিৰুদ্ধে সজাগতাৰ সৃ্ষ্টি কৰা হৈছে। হাত পৰিষ্কাৰ ৰাখিবলৈ ব্যৱহাৰ কৰা হৈছে হেণ্ড চেনিটাইজাৰ।

বজাৰত এতিয়া চেনিটাইজাৰ আৰু মাস্কৰ চাহিদা বিপুল পৰিমাণে বৃদ্ধি পাইছে। ফলত এতিয়া বজাৰত নাটনি হৈছে চেনিটাইজাৰৰ। সাধাৰণ ৰাইজে বজাৰত চেনিটাইজাৰ বিচাৰি হাবাথুৰি খাব লগা হৈছে। ৰাইজৰ মাজত চেনিটাইজাৰৰ অভাৱ দূৰীকৰণৰ বাবে আগবাঢ়ি আহিছে নগাঁও মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগ। মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° শৰৎ বৰকটকীৰ উদ্যোগত ৰসায়ন বিজ্ঞান বিভাগৰ প্ৰবক্তা আৰু বিভাগৰ ছাত্ৰ সকলে প্ৰস্তুত কৰি উলিয়াইছে হেণ্ড চেনিটাইজাৰ।

বৰ্তমান মহাবিদ্যালয় খনৰ তৰফৰ পৰা নগাঁৱৰ ৰাইজক বিনামূলীয়াকৈ যোগান ধৰা হৈছে হেণ্ড চেনিটাইজাৰ। কিন্তু বটলৰ নাটনিৰ বাবে প্ৰতিগৰাকী লোককে চেনিটাইজাৰ নিবলৈ আহোতে লগত এটা খালী বটল লৈ আহিবলৈ অনুৰোধ কৰিছে মহাবিদ্যালয় খনৰ অধ্যক্ষ গৰাকীয়ে। একেই পদক্ষেপ লৈছে বিশ্বনাথ মহাবিদ্যালয়েও। বিশ্বনাথ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° চিন্তামনি শৰ্মাইয়ো বিশ্বনাথৰ ৰাইজৰ বাবে প্ৰবক্তা আৰু ছাত্ৰসকলৰ উদ্যোগত প্ৰস্তুত কৰি উলিয়াইছে বিনামূলীয়া হেণ্ড চেনিটাইজাৰ। মহাবিদ্যালয় কেইখনৰ এই প্ৰচেষ্টাক শলাগিছে সাধাৰণ ৰাইজে।
Published by: Himangshu Bhuyan
First published: March 19, 2020, 12:17 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading