কেৰালাৰ পৰা নগাঁৱলৈ ঘুৰি অহা সহস্ৰাধিক শ্ৰমিকক লৈ উদ্বিগ্ন জিলা প্ৰশাসন, জিলাখনত লকডাউনৰ ব্যাপক উলংঘন

News18 Assam | News18-Assam
Updated:March 27, 2020, 5:01 PM IST
কেৰালাৰ পৰা নগাঁৱলৈ ঘুৰি অহা সহস্ৰাধিক শ্ৰমিকক লৈ উদ্বিগ্ন জিলা প্ৰশাসন, জিলাখনত লকডাউনৰ ব্যাপক উলংঘন
শুকুৰবাৰে বজাৰ খোলাৰ পিছতে অভাৱনীয় পৰিস্থিতি দেখা গৈছিল।

শুকুৰবাৰে বজাৰ খোলাৰ পিছতে অভাৱনীয় পৰিস্থিতি দেখা গৈছিল।

  • Share this:
কেৰালা, অন্ধ্ৰপ্ৰদেশ আদিৰ পৰা নগাঁৱলৈ ঘূৰি অহা ডেৰ হাজাৰতকৈ অধিক যুৱকক লৈ জিলা প্ৰশাসন তথা সমগ্ৰ নগাঁওবাসী চিন্তিত হৈ থকাৰ সময়তে আজি নগাঁৱৰ শাক-পাচলিৰ বজাৰত হোৱা ব্যাপক জনাসমাগমে অশনি সংকেত কঢ়িৱাইছে নগাঁৱলৈ।

ৰাইজৰ সকাহৰ বাবে ৰাজ্য চৰকাৰে শাক-পাচলিৰ বজাৰ খুলিবলৈ নিৰ্দেশ দিয়াৰ পিছতে আজি নগাঁৱৰ পাইকাৰী বজাৰ, বৰবজাৰ আদিত সৃষ্টি হ'ল ব্যাপক জনসমাগমৰ। প্ৰশাসনৰ সামাজিক দূৰত্বৰ নিৰ্দেশক ভৰিৰে মোহাৰি একাংশই বজাৰত ভিৰ দি বাট নোপোৱা অৱস্থা কৰিলে। 

তীব্ৰ জনসমাগম নিয়ন্ত্ৰনৰ বাবে বজাৰত উপস্থিত হয় সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা। বিধায়কগৰাকীয়ে ৰাইজক জনসমাগম পৰিহাৰ কৰিবলৈ হাতযোৰ অনুৰোধ জনোৱাৰ পিছতো একাংশ লোক ঘটনাস্থলীৰ পৰা আতৰি নোযোৱাত জিলা প্ৰশাসনে লাঠী চালনা কৰিবলৈ বাধ্য হয়। জনসমাগম নাইকীয়া কৰিবলৈ নগাঁও আৰক্ষীয়ে বৰবজাৰৰ মাছৰ বজাৰত লাঠীচালনা কৰে।

ইয়াৰ পিছতে পুনৰ অনিৰ্দিষ্ট কাললৈ বন্ধ কৰি দিয়া হয় নগাঁৱৰ শাক-পাচলিৰ বজাৰ। ইপিনে নগাঁৱৰ পৰিস্থিতি সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা মন্ত্ৰী জেনেৰেল ভি কে সিঙে ফোনযোগে খবৰ লোৱাৰ পিছতো নগাঁৱৰ ধিং, টুকটুকী,বটদ্ৰৱা, ৰূপহী, জীউমাৰী আদি ভিতৰুৱা অঞ্চলত মানি লোৱা নাই চৰকাৰৰ লকডাউনৰ নিৰ্দেশনা। সেইসমূহ অঞ্চলত চলি আছে সাপ্তাহিক বজাৰসমূহো।
Published by: Tulika Devi
First published: March 27, 2020, 5:01 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি