உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • coronavirus-latest-news
    • »
    • উত্তৰ–পূব সীমান্ত ৰে'লৱেই ২৮৩টা শ্লিপাৰ দবা ৰূপান্তৰিত কৰিলে কোভিড আইছোলেচন চেণ্টাৰলৈ

    উত্তৰ–পূব সীমান্ত ৰে'লৱেই ২৮৩টা শ্লিপাৰ দবা ৰূপান্তৰিত কৰিলে কোভিড আইছোলেচন চেণ্টাৰলৈ

    উত্তৰ–পূব ৰে'লৱেই কোভিড ৰোগীৰ চিকিৎসাৰ বাবে  অসম চৰকাৰক প্ৰদান কৰিছে ১২১টা ৰে'লৰ আইছোলেচন দবা।

    উত্তৰ–পূব ৰে'লৱেই কোভিড ৰোগীৰ চিকিৎসাৰ বাবে  অসম চৰকাৰক প্ৰদান কৰিছে ১২১টা ৰে'লৰ আইছোলেচন দবা।

    উত্তৰ–পূব ৰে'লৱেই কোভিড ৰোগীৰ চিকিৎসাৰ বাবে  অসম চৰকাৰক প্ৰদান কৰিছে ১২১টা ৰে'লৰ আইছোলেচন দবা।

    • Share this:

    দেশৰ লগতে ৰাজ্যত দৈনন্দিন বৃদ্ধি পাইছে কোভিড-১৯ৰ সংক্ৰমণ। কোভিড ৰোধ কৰাৰ লগতে কোভিড ৰোগীৰ সুবিধাৰ্থে ভাৰতীয় ৰে'ল বিভাগে লৈছে কিছু গুৰুত্বপূৰ্ণ পদক্ষেপ । কোভিড আক্ৰান্ত ৰোগীৰ বাবে এইবেলিও প্ৰায় ৪০০০ ৰে'লৰ শ্লিপাৰ দবা আইছোলেচন কোঠালৈ ৰূপান্তৰ কৰি প্ৰায় ৬৩,০০০ বিছনাৰ ব্যৱস্থা কৰিছে ৰে'ল বিভাগে। ভাৰতীয় ৰে'ল বিভাগে এই ৬৩,০০০ কোভিড আক্ৰান্ত ৰোগীক চিকিৎসা প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিব।


    তাৰ সমান্তৰালভাৱে উত্তৰ–পূব সীমান্ত ৰে'লৱেও ৰাজ্য চৰকাৰৰ সহায়ৰ বাবে  কোভিড আক্ৰান্ত ৰোগীৰ বাবে ৰে'লৰ প্ৰায় ২৮৩ টা শ্লিপাৰ দবা কোভিড আইছোলেচন হিচাপে ৰূপান্তৰিত কৰি এটা আইছোলেচন দবাত প্ৰায়  ১৬গৰাকীকৈ কোভিড ৰোগীক চিকিৎসা প্ৰদানৰ লগতে অক্সিজেন, খোৱাৰ ব্যৱস্থাৰ লগতে সকলো সুবিধা প্রদান কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে বুলি  জানিবলৈ দিয়ে উত্তৰ–পূব সীমান্ত ৰে'লৱেৰ জনসম্পৰ্কৰক্ষী বিষয়া নৃপেন ভট্টাচাৰ্যই। উত্তৰ–পূব সীমান্ত ৰে'লৱেৰ অধীনত কোভিড ৰোগীৰ চিকিৎসা প্ৰদানৰ বাবে  সাজি ওলোৱা আইছোলেচন দবাসমূহৰ ভিতৰত গুৱাহাটী মহানগৰীৰত ২১টা ৰে'লৰ আইছোলেচন দবা , বদৰপুৰত ২০ টা দবা , ডিমাপুৰত ১০টা দবা, আগৰতলাত ২০টা দবা , লামডিঙত ২০টা দবা, তিনিচুকীয়াত ১০টা ডবা আৰু ডিব্ৰুগড়ত ২০টা ৰে'লৰ আইছোলেচন দবা ৰখা হৈছে।


    ইয়াৰ ভিতৰত কোভিড ৰোগীৰ চিকিৎসাৰ বাবে উত্তৰ–পূব ৰে'লৱে কোভিড ৰোগীৰ চিকিৎসাৰ বাবে  অসম চৰকাৰক প্ৰদান কৰিছে ১২১টা ৰে'লৰ আইছোলেচন দবা। ইতিমধ্যে ৰে'ল বিভাগে সাজু কৰি দিয়া ৰে'লৰ আইছোলেচন দবাত ডিমাপুৰত কোভিড ৰোগীৰ চিকিৎসা আৰম্ভ কৰা হৈছে বুলি জানিবলৈ দিয়ে উত্তৰ পূব সীমান্ত ৰে'লৱেৰ জনসম্পৰ্কৰক্ষী বিষয়া নৃপেন ভট্টাচাৰ্যই। আহি থকা দিনত কোভিডৰ বাবে ৰাজ্য চৰকাৰক  সহায়ৰ বাবে সাজু থাকিব উত্তৰ–পূব সীমান্ত ৰে'লৱে।

    Published by:Gautam Barman
    First published: