কৰ'ণা ভাইৰাছত আক্ৰান্ত আমেৰিকাৰ পৰ্যটকগৰাকীয়ে যোৰহাটৰ এই ঠাইত কটাইছিল নিশা

News18 Assam | News18-Assam
Updated:March 7, 2020, 9:05 AM IST
কৰ'ণা ভাইৰাছত আক্ৰান্ত আমেৰিকাৰ পৰ্যটকগৰাকীয়ে যোৰহাটৰ এই ঠাইত কটাইছিল নিশা
আচুতীয়াকৈ জাহাজৰ ভিতৰতে ৰখা হৈছে শনিবাৰে যোৰহাটৰ নিমাতীঘাটত উপস্থিত হোৱা এম ভি মহাবাহু ব্ৰহ্মপুত্ৰৰ পৰ্যটক আৰু কৰ্মচাৰীসকলক ।

আচুতীয়াকৈ জাহাজৰ ভিতৰতে ৰখা হৈছে শনিবাৰে যোৰহাটৰ নিমাতীঘাটত উপস্থিত হোৱা এম ভি মহাবাহু ব্ৰহ্মপুত্ৰৰ পৰ্যটক আৰু কৰ্মচাৰীসকলক ।

  • Share this:
ভূটানত ধৰা পৰা কৰ'ণা ভাইৰাছত আক্ৰান্ত হেৱিট নামৰ আমেৰিকাৰ পৰ্যটকগৰাকীয়ে ভ্ৰমণ কৰি গৈছিল যোৰহাট । যোৱা ২২ ফেব্ৰুৱাৰীত তেওঁ কটাইছিল তিতাবৰৰ জালুকনিবাৰী স্থিত ঠেঙাল মেনৰ নামৰ ৰিজৰ্টখনত। ২৩ ফেব্ৰুৱাৰীত তেওঁ বাকী পৰ্যটকসকলৰ সৈতে এম ভি মহাবাহু ব্ৰহ্মপুত্ৰ নামৰ পৰ্যটন বিভাগৰ জাহাজখনেৰে গুৱাহাটীলৈ গৈছিল। এই কথা পোহৰলৈ অহাৰ পিছতে ঠেঙাল মেনৰৰ কৰ্মচাৰীসকলক আচুতীয়াকৈ ৰাখি চিকিৎসা কৰ্মীসকলে দৈনিক স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰিছে। বৰ্তমানলৈকে তেওঁলোকৰ শৰীৰত COVID 19 ৰ কোনো ধৰণৰ লক্ষণ দেখিবলৈ পোৱা নাই ।

উল্লেখযোগ্য যে, এম ভি মহাবাহু ব্ৰহ্মপুত্ৰ নামৰ জাহাজখন শনিবাৰে পুনৰ ২২ গৰাকী পৰ্যটক আৰু ২৯ গৰাকী কৰ্মচাৰীক লৈ যোৰহাটৰ নিমাতীঘাটত উপস্থিত হৈছেহি । ইতিমধ্যে জাহাজখনত থকা সকলো লোককে আচুতীয়াকৈ ৰখাৰ ব্যৱস্থা কৰাৰ লগতে জাহাজৰ পৰা নামি আহিবলৈ অনুমতি প্ৰদান কৰা হোৱা নাই। যোৰহাটৰ এটা চিকিৎসকৰ দলে জাহাজখনত থকা সকলো লোকৰে স্বাস্থ্য পৰীক্ষা কৰিব ।

কৰ’ণা ভাইৰাছৰ সংক্ৰমনৰ সৈতে মোকাবিলা কৰিবলৈ যোৰহাটৰ স্বাস্থ্য বিভাগ সাজু হৈ আছে বুলি জানিবলৈ দিছে যোৰহাটৰ উপায়ুক্তই । আনহাতে এই সন্দৰ্ভত অহেতুক ভয় নকৰিবলৈ ৰাইজক আহ্বান জনাইছে যোৰহাটৰ উপায়ুক্তই । ইতিমধ্যে JMCH ত কৰণা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত ৰোগীৰ বাবে আচুতীয়া ৱাৰ্ডৰ ব্যৱস্থা কৰা হৈছে ।
First published: March 7, 2020, 9:05 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading