পুনৰ ঘূৰি আহিছে লকডাউনৰ সেই পাহৰিব নোৱাৰা পৰিৱেশ ! Covid সান্ধ্য আইনৰ মাজতে প্ৰব্ৰজনকাৰী শ্ৰমিক, দৰিদ্ৰজনৰ বাবে বিনামূলীয়া খাদ্য বিতৰণ।
মুম্বাইস্থিত এখন ভেগান ৰেষ্টুৰেণ্টৰ মহৎ কৰ্ম ৷ কোভিদ সান্ধ্য আইনৰ বাবে প্ৰব্ৰজনকাৰী শ্ৰমিক, নিবনুৱাৰ লগতে দৰিদ্ৰ লোকৰ মাজত বিনামূলীয়া খাদ্য বিতৰণ ।
মুম্বাইস্থিত এখন ভেগান ৰেষ্টুৰেণ্টৰ মহৎ কৰ্ম ৷ কোভিদ সান্ধ্য আইনৰ বাবে প্ৰব্ৰজনকাৰী শ্ৰমিক, নিবনুৱাৰ লগতে দৰিদ্ৰ লোকৰ মাজত বিনামূলীয়া খাদ্য বিতৰণ ।
- News18 Assam
- Last Updated: April 17, 2021, 7:25 PM IST
সান্ধ্য আইনৰ এই নিষেধাজ্ঞাৰ মাজতে মুম্বাইস্থিত এখন ভেগান ৰেষ্টুৰেণ্টে হাতত লৈছে এক মহৎ কাম ৷ বিনামূলীয়াকৈ প্ৰব্ৰজনকাৰী শ্ৰমিক, নিবনুৱা আৰু দৰিদ্ৰ লোকৰ মাজত আৰম্ভ কৰিছে খাদ্য বিতৰণৰ কাম । মুম্বাইৰ ৱান্দ্ৰা পশ্চিমত অৱস্থিত আৰ্থ কেফে নামৰ ৰেষ্টুৰেণ্টখনে অঞ্চলটোত নিবনুৱা ব্যক্তি, প্ৰব্ৰজনকাৰী শ্ৰমিক আৰু তেওঁলোকৰ সন্তানক বিনামুলীয়াকৈ খাদ্য প্ৰদান কৰি আছে । ৰেষ্টুৰেণ্টখনৰ গৰাকী ভি খাটৱানীয়ে শ্বেয়াৰ কৰে যে তেওঁলোকে প্ৰতিদিনে ১৫০টাকৈ খাদ্যৰ পাৰ্চেল প্ৰদান কৰি আছে।
এই সম্পৰ্কত তেওঁ কয় এনেদৰে, “আমি দেওবাৰৰ পৰা এই বিনামূলীয়া খাদ্য অভিযান আৰম্ভ কৰিছো আৰু দৰিদ্ৰ লোকসকলক পাচলি,ভাত,পোলাও থকা প্ৰায় ১৫০ টা খাদ্য পাৰ্চেল দি আছো । আমাৰ ৰান্ধনীসকলে স্বাস্থ্যকৰ খাদ্য প্ৰস্তুত কৰে, যি চেনিটাইজ কৰা হয় আৰু তাৰ পিছত নিবনুৱা, প্ৰব্ৰজনকাৰী শ্ৰমিক আৰু তেওঁলোকৰ সন্তানক দিয়া হয় ৷”
উল্লেখ্য যে, শেহতীয়া নিৰ্দেশনা অনুসৰি, কোনো বৈধ কাৰণ অবিহনে কোনো ব্যক্তিকে ৰাজহুৱা স্থানত থাকিবলৈ অনুমতি দিয়া নহয়। অত্যাৱশ্যকীয় সেৱাৰ বাহিৰে, সকলো প্ৰতিষ্ঠান, ৰাজহুৱা স্থান, কাৰ্যকলাপ আৰু সেৱা বন্ধ থাকিব। চলচ্চিত্ৰ, ধাৰাবাহিক আৰু বিজ্ঞাপনৰ দৃশ্যগ্ৰহণ বন্ধ থাকিব, আৰু বিবাহত মাত্ৰ ২৫ গৰাকী লোককহে অনুমতি দিয়া হ'ব।বুধবাৰে নিশাৰ পৰাই এয়া জাৰি কৰা হৈছিল আৰু ১ মে'লৈকে বাহাল থাকিব।












